বঙাইগাঁও, 18 জানুৱাৰী : বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া বহু কেইটা স্থানত অবাধে চলি আছে বালি খনন কাৰ্য (Illegal sand mining in Barpeta)। অবৈধ বালি খননেৰে বালি মাফিয়াই চলাই আহিছে ৰমৰমীয়া ব্যৱসায় । কিন্তু, ৰহস্যজনকভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে জিলা প্ৰশাসন তথা বন বিভাগৰ বিৰুদ্ধে ।
বতটাৰী, ক্ষুদ্ৰখোৱা, আপৰুবী, ইছবপুৰ, মানিকপুৰ, শালমাৰা, লুংঝাৰ গাঁৱত দিনে নিশাই JCBৰ লগতে 20 ৰ পৰা 25 খন ট্ৰেক্টৰ, ডাম্পাৰ লগাই আই নদীত অব্যাহত ৰাখিছে বালি খনন কাৰ্য ৷ যাৰ পৰিপ্ৰেক্ষিতত অবৈধভাৱে মাটি খনন বন্ধ কৰাৰ লগতে ভূ-মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নৈ পৰীয়া ৰাইজক ৰক্ষা কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চটোৰ স্থানীয় ৰাইজে (Manikpur people proest Against Land Mafiya) ৷
উল্লেখ্য যে, বনবিভাগ, আৰক্ষী তথা চৰৰ একাংশ দেৱানী মাতব্বৰ মেনেজ কৰি তাহেৰ আলী নামৰ বালি মাফিয়াই দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি খনন কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে (Illegal sand mining in Barpeta) । যাৰ ফলশ্ৰুতিত অবৈধভাৱে বালি খননৰ বাবে আই নদীৰ খহনীয়াই সম্প্ৰতি ভয়ংকৰ বৰ্তমান ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।
উল্লেখ্য যে, সাংবাদিকৰ দল উপস্থিত হোৱাত উক্ত স্থান এৰি পলায়ন কৰে ডাম্পাৰ আৰু JCB ৰ চালকে ৷ যি সময়ত চৰকাৰে ভূ মাফিয়াৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ভূমিকা পালন কৰি আহিছে তেনে সময়তে এনে অবৈধ বালি খনন কাৰ্যই বিকল্প ৰাজ্যিক ঘাইপথত, কোটিটকীয়া দলঙৰ লগতে 7/8 খন গাঁৱলৈ ভাবুকি নমাই আনিছে ।
লগতে পঢ়ক : বন বিভাগৰ চকুৰ সন্মুখতে বেঁকী নৈত চলিছে অবৈধ বালি খনন