বঙাইগাঁও,20 ছেপ্তেম্বৰ: বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পূব ঘোৰাঁমাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছলেমান হুছেইনৰ বিৰুদ্ধে একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ প্ৰতিবাদ ৷ বিদ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰী সকলৰ লগতে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ যে, প্ৰধান শিক্ষকজনে নিজ মইমতালিৰে তথা পৰিচালনা সমিতিৰ অনুমতি অবিহনে বিদ্যালয়ৰ প্ৰত্যেকটো সা-সামগ্ৰী নিজ ঘৰত ৰাখি মধ্যাহ্ন ভোজনৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, মধ্যাহ্ন ভোজনৰ চাউলৰ লগতে বিভিন্ন কামত ধন আত্মসাৎ কৰি পৰ্বত-সম দুৰ্নীতিৰে পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
ৰাইজে নিৰ্বাচিত কৰা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক বাদ দি নতুনকৈ সভাপতি নিৰ্বাচিত কৰি প্ৰধান শিক্ষকে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
ঘটনা সন্দৰ্ভত ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগৰ প্ৰতিটো কাৰ্যালয়ত অভিযোগ দাখিল কৰে যদিও এই পৰ্যন্ত কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ মেৰেৰচৰ আৰক্ষী থানাত শিক্ষক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ উত্তেজিত ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধান শিক্ষকক নিলম্বন কৰাৰ দাবী উত্থাপন কৰে ৷