ETV Bharat / state

কোচ ৰাজবংশীৰ জনজাতিকৰণ প্ৰসংগত বঙাইগাঁৱত সংবাদমেল - জনজাতিকৰণৰ দাবী

চলিত শীতকালীন অধিৱেশনত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী আক্ৰাছুৰ প্ৰাক্তন সভাপতিৰ ৷ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক বৰ্তমানৰ জনজাতি সকলৰ কোনো ধৰণৰ ক্ষতিসাধন নোহোৱাকৈ জনজাতিকৰণৰ দাবী ৷

কোচ ৰাজবংশীৰ জনজাতিকৰণ প্ৰসংগত বঙাইগাঁৱত সংবাদমেল
কোচ ৰাজবংশীৰ জনজাতিকৰণ প্ৰসংগত বঙাইগাঁৱত সংবাদমেল
author img

By

Published : Nov 26, 2019, 4:03 PM IST

বঙাইগাওঁ, 25 নৱেম্বৰ: বঙাইগাঁও চহৰৰ ভাকাৰীভিটাস্থ কমতাপুৰ ভৱনত সংবাদমেল ৷ সংবাদমেলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিদ্বয় তথা বৰ্তমান কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ৰ মন্তব্য,জনজাতিকৰণ এক সংবিধান প্ৰদত্ত অধিকাৰ ৷ এই অধিকাৰ কোচ ৰাজবংশীৰ প্ৰাপ্য ৷

জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী

ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে বৰ্তমানৰ জনজাতি সকলৰ কোনো ধৰণৰ ক্ষতিসাধন নোহোৱাকৈ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে ৷ জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় মন্তব্য কৰে ৷ সংবিধানে কোনো জাতি-জনগোষ্ঠীকে যুগ যুগান্তৰলৈ জনজাতিকৰণ দিয়া নাই ৷ সামাজিক,অৰ্থনৈতিক, শৈক্ষিকভাৱে দুৰ্বল আৰু ভৌগলিকভাৱে বিচ্ছিন্ন তথা অস্পৃশ্য জাতি-জনগোষ্ঠীক দহ বছৰৰ বাবে জনজাতিৰ মৰ্যদা দিছে ৷ প্ৰতি দহ বছৰৰ পিছত পুনৰীক্ষণ হয় ৷ পুনৰীক্ষণৰ জৰিয়তে কাৰোবাক জনজাতিৰ তালিকাৰ পৰা কৰ্তন কৰিব পৰা সাংবিধানিক ব্যৱস্থা আছে ৷ অসমৰ বৰ্তমানৰ কেবাটাও জনগোষ্ঠী জনজাতীয় বৈশিষ্ট্য হেৰুৱাই পেলাইছে ৷

কোচ ৰাজবংশীৰ জনজাতিকৰণ প্ৰসংগত সংবাদমেল

কিন্তু কোচ ৰাজবংশী সকলৰ পূৰ্বৰে পৰাই জনজাতীয় বৈশিষ্ট্য বিদ্যমান আৰু জনজাতিকৰণৰ বাবে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চৰকাৰী বিধি ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ যাৰ বাবে ১৯৯৬ চনত ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি ডঃ শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল ৷ সেই সময়ত অসমৰ সকলো জনজাতীয় সংগঠনে আদৰণি জনাইছিল ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত জনজাতীয় সংগঠন সমূহে বিৰোধিতা কৰা ঘটনাৰ বাবে প্ৰাক্তন আক্ৰাছু নেতা সকলৰ লগতে অন্যান্য বিভিন্ন দল সংগঠনৰ নেতৃত্বই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিন্দা জনায়।

লগতে চাওক-11 শ মুগা পালকৰ ভৰসা 'চেৰিফেদ কো- অপাৰেটিভ ছচাইটি'

Intro:প্ৰসংগঃ কোচ ৰাজবংশীৰ জনজাতিকৰণ ৷৷

চলিত শীত কালীন অধিৱেশনত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী আক্ৰাছুৰ প্ৰাক্তন সভাপতিৰ ৷৷

বঙাইগাঁৱত বিশ্বজিত-অতুলৰ সংবাদমেল ৷৷ 

Body:ভুমিপুত্ৰ কোচ ৰাজবংশী সকলে বৰ্তমানৰ জনজাতি সকলৰ কোনো ধৰণৰ ক্ষতিসাধন নোহোৱাকৈ জনজাতিকৰণ বিচাৰিছো ৷ জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় আৰু আমি তেওঁলোকৰ ওচৰত জনজাতিকৰণ বিচৰা নাই ৷ গতিকে জনজাতি সকল শংকিত হোৱাৰ কোনো কাৰণ নাই ৷ বঙাইগাঁও চহৰৰ ভাকাৰীভিটাস্থ কমতাপুৰ ভৱণত আয়োজিত এক সংবাদমেল  এই কথা ব্যক্ত কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিদ্বয় তথা বৰ্তমান কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে ৷ নেতাদ্বয়ে কয় যে জনজাতিকৰণ এক সংবিধান প্ৰদত্ত অধিকাৰ ৷ এই অধিকাৰ কোচ ৰাজবংশীৰ প্ৰাপ্য ৷ সেইদৰে সংবিধানে কোনো জাতি-জনগোষ্ঠীকে যুগ যুগান্তৰলৈ দিয়া নাই ৷ সামাজিক, অৰ্থনৈতিক, শৈক্ষিকভাবে দুৰ্বল আৰু ভৌগলীকভাবে বিচ্ছিন্ন তথা অস্পৃশ্য জাতি- জনগোষ্ঠীক দহ বছৰৰ বাবে জনজাতিৰ মৰ্যাদা দিয়ে ৷ প্ৰতি দহ বছৰৰ পিছত পুণৰীক্ষণ হয় ৷ পুণৰীক্ষণৰ জৰিয়তে কাৰোবাক জনজাতিৰ তালিকাৰ পৰা কৰ্তন কৰিব পৰা সাংবিধানিক ব্যৱস্থা আছে ৷ অসমৰ বৰ্তমানৰ কে'বাটাও জনগোষ্ঠী জনজাতিও বৈশিষ্ট   হেৰুবাই পেলাইছে ৷ কিন্তু কোচ ৰাজবংশী সকলৰ পূৰ্বৰে পৰাই জনজাতীয় বৈশিষ্ট্য বিদ্যমান আৰু জনজাতিকৰণৰ বাবে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চৰকাৰী বিধি ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ যাৰ বাবে ১৯৯৬ চনত ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল ৷ সেই সময়ত অসমৰ সকলো জনজাতীয় সংগঠনে আদৰণি জনাইছিল ৷

বাইট : বিশ্বজিত ৰায় আৰু অতুল ৰায় ।

Conclusion:ছয় জনগোষ্টীৰ জনজাতীকৰনৰ ক্ষেত্ৰত জনজাতীয় সংগঠন সমুহে বিৰোধিতা কৰা ঘটনাৰ বাবে প্ৰাক্তন আক্ৰাছু নেতা সকলৰ লগতে অন্যান্য বিভিন্ন দল সংগঠনৰ নেতৃত্বই তিব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে নিন্দা জনায় ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.