ETV Bharat / state

Pathetic road condition: পথাৰ সদৃশ পথেৰে যাতায়ত বঙাইগাঁৱৰ একাংশ ৰাইজৰ

author img

By

Published : Mar 25, 2023, 2:30 PM IST

পথ নে পথাৰ ধৰিবই নোৱাৰি । বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত চাইলাবাৰীত এটা পথ(Poor road condition in Bongaigaon) । বোকাময় পথচোৱা শীঘ্ৰে মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ ।

Pathetic road condition
পথাৰ সদৃশ পথেৰে যাতায়ত বঙাইগাঁৱৰ একাংশ ৰাইজৰ

বঙাইগাঁও,২৫ মাৰ্চ: ৰাজ্যৰ বাট-পথ উন্নয়ণৰ নামত চৰকাৰে যিমানেই বৰঢোল নবজাওক কিয়, এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথৰ দুৰাৱস্থাৰ বাবে দুৰ্ভোগ ভূগি আহিছে সাধাৰণ জনতাই (Poor road condition in Assam) । ভিতৰুৱা বাট-পথৰ কথা বাদেই ৰাষ্ট্ৰীয় ঘাইপথতো দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । যাৰ পৰিণতিত যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে পথচাৰী । এই পথটোৰ বাবে দৈনিক জ্বলা-কলা খাইছে বঙাইগাঁৱৰ একাংশ ৰাইজে (Poor road condition in Bongaigaon) ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত চাইলাবাৰীস্থিত এই পথটোৰ দুৰাৱস্থাৰ বাবে দীৰ্ঘদিনৰ পৰাই স্থানীয় ৰাইজে যমৰ যাতনা ভূগি আছে । ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ কেন্দ্ৰবিন্দু স্বৰূপ কীৰ্ত্তনপাৰাৰ পৰা চাইলাবাৰি সংযোগী পথটোত এজাক বৰষুণতে একাঠুলৈকে বোকাময় হৈ পৰিছে । ফলত জ্বলা-কলা খাইছে অঞ্চলটোৰ ৰাইজ(Pathetic road condition in Bongaigaon) ।

স্থানীয় ৰাইজে জনপ্ৰতিনিধিক বাৰে বাৰে আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে । প্ৰতিদিনে হাজাৰ হাজাৰ পথচাৰীয়ে অহা যোৱা কৰা পথচোৱা মেৰামতি নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ । বিধায়ক আব্দুল বাতিন খন্দকাৰ, সাংসদ আব্দুল খালেক, তথা পঞ্চায়ত প্ৰতিনিধি, লোক নিৰ্মাণ বিভাগ, জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত নিদ্ৰামগ্ন হৈ থকাৰ অভিযোগ ৰাইজৰ ।

অতি সোনকালে পথচোৱা মেৰামতি কৰি সকলো বতৰতে ব্যৱহাৰৰ উপযোগী এটা পথ নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷ অন্যথা তীব্ৰ অন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে ৰাইজে । মন কৰিবলগীয়া যে, বাৰিষা আহিলেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এতিয়াও ঘৰৰ পৰা ওলাবলৈ দহবাৰ ভাবিব লগীয়া হয় । কেৱল ভিতৰুৱা বাট-পথেই নহয় ৰাষ্ট্ৰীয় ঘাইপথতো দুৰ্ভোগ ভূগিছে ৰাজ্যৰ জনতাই ।

উদাহৰণস্বৰূপে, যোৰহাটৰ নিৰ্মীয়মান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । পথৰ ওপৰত প্ৰকাণ্ড গাঁত, বোকাময় পৰিৱেশে পথচোৱাৰে আহ-যাহ কৰাতো প্ৰায় অসম্ভৱ কৰি তোলাৰ দৃশ্যই লাভ কৰিছিল সংবাদ শিৰোনাম । ইমানৰ পিছতো জনসাধাৰণৰ অসুবিধাবোৰ দুৰ কৰিবলৈ সময় হ'বনে চৰকাৰ তথা জনপ্ৰতিনিধিৰ ? সেয়া আজিৰ তাৰিখত সাধাৰণ জনতাৰ মনত এক লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: Bihu workshop in Kaliabar: ঢোল-পেঁপাৰ মাতে কঁপাইছে কলিয়াবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.