ETV Bharat / state

কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা - কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰ

বঙাইগাঁও জিলাৰ কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰৰ পুতৌ লগা অৱস্থাৰ বাবে পশুধন চিকিৎসাৰ কৰিবলৈ হাহাকাৰ কৰিছে কটাশবাৰী কৃষক ৰাইজে ৷ উপ পশু চিকিৎসা কেন্দ্ৰটোৰ কার্যালয় গৃহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰাত ভূত বাংলাত পৰিণত হৈছে উপ পশু চিকিৎসা কেন্দ্ৰটো ।

কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰ জৰাজীৰ্ণ অৱস্থা

author img

By

Published : Jun 1, 2021, 10:47 PM IST

বঙাইগাঁও, 1 জুন : যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ উন্নয়নৰ বাবে ন ন আঁচনি ৰূপায়ন কৰিছে, সেই সময়তে এলাগী হৈ পৰি ৰৈছে এখন পশুধনৰ চিকিৎসালয় । "আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল।' এই বাক্যই যেন এতিয়া প্ৰযোজ্য হৈ পৰিছে বঙাইগাঁও জিলাৰ কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰটোৰ ক্ষেত্ৰত ।

কটাশবাৰী উপ পশু চিকিৎসা কেন্দ্ৰ জৰাজীৰ্ণ অৱস্থা

বঙাইগাঁও জিলাৰ ঘিলাগুৰী গাঁও পঞ্চায়তৰ কটাশবাৰীত কেইবাবছৰ পূৰ্বে নিৰ্মাণ কৰা উপ পশু চিকিৎসা কেন্দ্ৰটো বৰ্তমান গৰুৰ গোহালিত পৰিণত হৈছে । উপ পশু চিকিৎসা কেন্দ্ৰটোৰ এই জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে । উপ পশু চিকিৎসা কেন্দ্ৰটোৰ কার্যালয় গৃহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰাত ভূত বাংলাত পৰিণত হৈছে ।

ফলত অঞ্চলটোৰ ৰাইজে পশুধন চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গতিকে স্থানীয় ৰাইজে অতি সোনকালে পশুধনৰ চিকিৎসালয় খনক পূৰ্ণ ৰূপেৰে গঢ়ি তুলি পশুধনৰ চিকিৎসাৰ বাবে সু-ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

লগতে পঢ়ক: ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বুৰৈ নৈৰ গৰাখহনীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.