বঙাইগাঁও,10 অক্টোবৰ: বঙাইগাঁও জিলাৰ অন্তৰ্গত পাগলাস্থানৰ ৰে’লৱেৰ নিউ কলনিত আৰক্ষীৰ অতৰ্কিত অভিযান ৷ চহৰখনৰ মাজমজিয়াস্থিত ৰে’ল বিভাগৰ কোৱাৰ্টাৰ নং 204/A ত চলা এই অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় কোটি কোটি টকা ৷ নিউ বঙাইগাঁৱস্থিত ৰে’ল বিভাগৰ লোকো বিভাগৰ কাৰ্যালয় অধীক্ষক প্ৰদীপ মজুমদাৰৰ ঘৰত আৰক্ষীয়ে এই অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ বিয়লি প্ৰায় এক বজাৰ পৰা চলা এই অভিযানত উপস্থিত আছিল বঙাইগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ৷ শনিবাৰে ৰে’ল বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসৰ বৰপেটাস্থিত বাসগৃহৰ পৰা প্ৰায় দুই কোটি টকা উদ্ধাৰৰ পিছত আৰক্ষীয়ে আন এগৰাকী ব্যক্তি ৰূপম দাসৰ অভয়াপুৰীৰৰ শহুৰেকৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় তিনি কোটি টকা ৷ পুৱতি নিশাৰে পৰা বঙাইগাঁৱৰ তিনি ঠাইত চলিছিল আৰক্ষীৰ এনে অতৰ্কিত অভিযান ৷
![Police raid in rail employees home Bongaigaon assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9125266_img.jpg)
উল্লেখ্য যে, নিউ বঙাইগাঁৱস্থিত ৰে’ল বিভাগত দীৰ্ঘদিনৰ পৰা তেলৰ বৃহৎ কেলেংকাৰীৰ ঘটনা সংঘটিত হৈ অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ এনে এক খবৰৰ ভিত্তিতে গুৱাহাটীৰ পৰা শনিবাৰে অহা আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী এটা দলে বঙাইগাঁও আৰক্ষীৰ সহযোগত জিলাখনৰ কেইবাঠাইতো অভিযান চলায় ৷ বৰ্তমানলৈকে অব্যাহত আছে আৰক্ষীৰ এই অভিযান ৷ সম্প্ৰতি বঙাইগাঁৱৰ ৰে’ল কলনিত বৰ্তমানলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 15,46500.00 টকা । আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত ধনৰ পৰিমাণ সন্দৰ্ভত এই তথ্য সদৰী কৰে ৷
![Police raid in rail employees home Bongaigaon assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9125266_img2.jpg)
লগতে চাওকঃ বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক