বঙাইগাঁও, 3 এপ্ৰিল: পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ বিশেষকৈ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ আহ্বান জনাইছে সাধাৰণ যান-বাহনৰ গৰাকীয়ে ৷
ৰাজ্যত শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলৰ মূল্যই । ১৩ দিনত ১১ বাৰকৈ বাঢ়িল ইন্ধনৰ মূল্য । সমগ্ৰ অসমৰ লগতে অভয়াপুৰীতো পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ৷ ৰাজ্যৰ ভিন্ন স্থানৰ সমান্তৰালভাৱে অভয়াপুৰীতো বৰ্তমান পেট্ৰ’লৰ মূল্য ১০৩.৫০ টকা আৰু ডিজেলৰ মূল্য ৮৯.৩৪ টকা হোৱাত এতিয়া ভীষণ সমস্যাত পৰিছে যানবাহনৰ গৰাকীসকল ।
ৰাজ্যত শেহতীয়াকৈ হোৱা অস্বাভাৱিক মূল্যবৃদ্ধিত চিন্তিত হৈ পৰিছে মধ্যবিত্তসকল (Price hike of essential commodities)৷ ৰাজ্য চৰকাৰক বস্তুৰ দাম কৰি বিপদৰ পৰা মুক্ত কৰাৰ আহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজে ৷