ETV Bharat / state

অচিন বেমাৰ আৰু পোক-পতংগই নষ্ট কৰিছে বিঘাই বিঘাই কৃষিভূমি

বঙাইগাঁৱৰ খেতিপথাৰত অচিন বেমাৰ ৷ ৰঙা পৰি গৈছে হাজাৰ হাজাৰ বিঘা ধানৰ খেতি ৷ চিন্তিত কৃষক ৷ খবৰ ল’বলৈ আহৰি নাই কৃষি বিভাগৰ ।

paddy field
paddy field
author img

By

Published : Sep 1, 2020, 8:40 PM IST

চিৰাং, 1 ছেপ্টেম্বৰ : বিপৰ্যয়ে যেন লগ এৰা নাই বঙাইগাঁৱৰ খেতিয়ক সকলক ৷ বানৰ পাচত এইবাৰ খেতিপথাৰত অচিন বেমাৰ আৰু পোকৰ উপদ্ৰৱ ৷ নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷ এবিধ অচিন পোকে ধানৰ মূল অংশ খোৱাৰ পাচত ৰঙা পৰি যায় আৰু শেষত ধান গছবোৰ মৰি যায় ৷ এনেধৰণে নষ্ট হৈ গৈছে বঙাইগাঁও অভয়াপুৰী সৃজনগ্ৰামৰ হাজাৰ হাজাৰ বিঘা ধানৰ খেতি ৷

কেৱল কৃষিৰে জীৱন নিৰ্বাহ কৰা সৃজনগ্ৰামৰ খেতিয়কসকলৰ জীৱনত কেৱল এতিয়া দুখৰ হুমনিয়াহ ৷ কিয়নো চকুৰ পচাৰতেই নষ্ট হৈ গৈছে কষ্টেৰে কৰা খেতিডৰা ৷ খেতিডৰা নহ’লে বছৰটোলৈ কষ্ট হ’ব পৰিয়ালটোৰ ৷ ইফালে ৰাজ্যত কৃষিবিভাগ বুলি বিয়াগোম বিভাগ এটা থকাৰ পিচতো খেতিয়কসকলৰ খবৰ ল’বলৈ আঁহৰি হোৱা নাই এই বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ ৷ গ্ৰামসেৱকেই হওক বা কৃষি বিষয়াই হওক কোনেও আজিলৈ সৃজনগ্ৰামৰ খেতিয়কসকলৰ খবৰ লোৱা নাই ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গাঁওখনৰ একাংশ কৃষকে ৷ কৃষিকৰ্মেৰে পৰিয়াল পোহপাল দিয়া এইসকল খেতিয়কৰ খবৰ ল’বলৈ আহৰি হ’বনে ৰাজ্যৰ কৃষিবিভাগৰ ?

অচিন বেমাৰ আৰু পোকে নষ্ট কৰিছে কৃষিভূমি

অসম চৰকাৰৰ কৃষি বিভাগে কৃষক আৰু কৃষি ভূমিৰ উন্নয়নৰ বাবে নতুন নতুন আঁচনি ঘোষণা কৰিছে যদিও এই সকল কৃষকে আজিলৈ নাপালে চৰকাৰৰ কৃষি বিভাগৰ কোনো সহায় ।

লগতে পঢ়ক : আজিৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতনতামূলক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.