বঙাইগাঁও, 3 আগষ্টঃ বঙাইগাঁৱৰ আটুগাঁওস্থিত ৰাজাঠাকুৰ মন্দিৰ সংযোগী ভূমেশ্বৰ পাহাৰত অঘটন । পাহাৰৰ ওপৰ অংশৰ নিজৰাত গা ধুই থকা অৱস্থাত যুৱক জন পিছলি পৰে আৰু নিজৰাটোত থকা প্ৰকাণ্ড শিলত ঠেকা খাই থিতাতে মৃত্যু হয় যুৱক জনৰ । মৃত যুৱকজনৰ নাম ৰিয়াজুল জান্নাত । ৰিয়াজুল জান্নাতৰ ঘৰ বঙাইগাঁৱৰ নানকাৰ গাঁৱত ৷ তাৰোপৰি এই ঘটনাত আলতাপ আলি নামৰ আন এজন যুৱক আহত হয় বুলি জানিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, ৰাজাঠাকুৰ পূজা সমিতিয়ে সাম্প্ৰতিক কৰ'ণা মহামাৰী আৰু বিপদ জনক স্থানৰ বাবে উক্ত স্থানত প্ৰৱেশত বাধা প্ৰদান কৰি জাননী জাৰি কৰিছিল ৷ কিন্তু পূজা সমিতিৰ বাধা অমান্য কৰি দৈনিক শ-শ লোক সমবেত হয় উক্ত নিজৰাত গা ধুবলৈ ৷ যাৰ ফলত সোমবাৰে এই শোকাবহ ঘটনাটো সংঘটিত হয় বুলি পূজা সমিতিয়ে মন্তব্য কৰিছে।
লগতে পঢ়ক- বৰপেটাত লাভ জেহাদৰ ঘটনা