ETV Bharat / state

কুজীয়া নৈত সন্ধানহীন এজন - কুজীয়া নৈ

মঙলবাৰে দিন হাজিৰা কৰি নিজ গৃহলৈ উভতাৰ পথত কুজীয়া নৈত কলৰ ভূৰেৰে পাৰ হোৱাৰ সময়ৰ পৰাই, নিৰুদ্দেশ হৈ আছে এগৰাকী 55 বৰ্ষীয় লোক ৷ লোকজনক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান ৷

কুজীয়া নৈত সন্ধানহীন লোক
কুজীয়া নৈত সন্ধানহীন লোক
author img

By

Published : Aug 5, 2020, 1:10 PM IST

Updated : Aug 5, 2020, 6:00 PM IST

বঙাইগাঁও, 5 আগষ্ট: কলৰ ভূৰেৰে কুজীয়া নৈ পাৰ হোৱাৰ সময়তে নিৰুদ্দিষ্ট এজন লোক ৷ মঙলবাৰে এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিঙিমাৰীত ৷ জেকোৰাম ৰায় নামৰ প্ৰায় 55 বছৰীয়া লোকজন সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

কুজীয়া নৈত সন্ধানহীন এগৰাকী লোক

নিৰুদ্দিষ্ট লোকজন প্ৰতিদিনেই নিকটৱৰ্তী গাঁৱৰ পৰা সেই অঞ্চলত আহে দিন হাজিৰা কৰিবলৈ ৷ কিন্তু মঙলবাৰে সন্ধিয়া প্ৰায় 5 বজালৈ তেওঁ ঘৰলৈ ঘূৰি নোযোৱাত গাঁওবাসীৰ সন্দেহ হয় ৷ যিহেতু নৈখন পাৰ হ'বলৈ কলৰ ভূৰৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই সেয়েহে গাওঁবাসীৰ সন্দেহ উপজে ৷ আনহাতে, জোকোৰাম ৰায়ৰ সন্ধান চলাই থকা অৱস্থাত স্থানীয় লোকে পিন্ধি থকা চাৰ্ট উদ্ধাৰ কৰে ৷ বুধবাৰে ঘটনা সন্ধৰ্ভত স্থানীয় লোকে উদ্ধাৰকাৰীৰ দলক খবৰ দিয়ে ৷

সেই অনুসৰি ঘটনাস্থলীত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ উল্লেখ্য যে, শিঙিমাৰীৰ কুজীয়া নদীৰ ওপৰত নাই এখনো দলং ৷ প্ৰতিবছৰে সেই স্থানত ৰাইজে নিজৰ ধনেৰে বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও নদীখনৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াৰ ফলত কলৰ ভূৰেই একমাত্ৰ যাতায়াতৰ মাধ্যম হৈ পৰিছে স্থানীয় লোকৰ বাবে ৷

লগতে পঢ়ক: বানত ক্ষতিগ্ৰস্ত বৰপেটাৰ মৰাপাট খেতিয়কসকল

Last Updated : Aug 5, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.