জনীয়া,20 মাৰ্চ: ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ । তেনে ক্ষেত্ৰত পিছ পৰি থকা নাই বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টি । সমষ্টিটোত মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতেন খন্দকাৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন ৰায়ৰ মাজত নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছিল ৷
কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে নিৰ্দলীয় হিচাপে কংগ্ৰেছৰ টিকট বঞ্চিত নুৰুল ইছলামে মনোনয়ন দাখিল কৰাৰ পাচতে এতিয়া সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে নুৰুল ইছলামে তীব্ৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷
লগতে পঢ়ক: তিনিচুকীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুভাশীষ ভট্টাচাৰ্যৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ