ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 25, 2022, 5:05 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

President Droupadi Murmu: দৰিদ্ৰ ভাৰতীয়সকলেও আকাংক্ষা পূৰণ কৰিব পাৰে: দ্ৰৌপদী মূৰ্মু

ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে সোমবাৰে শপত গ্ৰহণৰ পাছতে দ্ৰৌপদী মূৰ্মুৱে কয় যে শীৰ্ষ সাংবিধানিক পদলৈ তেওঁৰ নিৰ্বাচনে প্ৰমাণ কৰে যে ভাৰতত দৰিদ্ৰসকলে কেৱল সপোনই নহয়, সেই আকাংক্ষাবোৰো পূৰণ কৰিব পাৰে (Poor can not only dream but also fulfil those aspirations) । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য় পাঠ কৰোৱাৰ পিছত দিয়া ভাষণত মূৰ্মুৱে তেওঁক নিৰ্বাচিত কৰাৰ বাবে সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জ্ঞাপন কৰে ।

Droupadi Murmu takes oath as Indias President: ৰাষ্ট্ৰপতি হিচাপে শপত দ্ৰৌপদী মূৰ্মুৰ

নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে সংসদ ভৱনৰ চৌহদত ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে (Droupadi Murmu takes oath as Indias 15th President)। ইয়াৰ পূৰ্বে দ্ৰৌপদী মূৰ্মুক ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ আদৰি নিয়ে ।

Population Control Bill : বুমেৰাং হ'ব নেকি জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক ?

লোকসভা ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি (information on Lok Sabha website), মুঠ ৫৪৩ জন লোকসভাৰ সদস্যৰ ভিতৰত ৩০৩ জন বিজেপি, কংগ্ৰেছৰ ৫৩ জন, ডিএমকেৰ ২৪ জন, তৃণমূল কংগ্ৰেছৰ ২৩ জন, ৱাইএছআৰ কংগ্ৰেছৰ ২২ জন, শিৱসেনাৰ ১৯ জন, জেডি (ইউ)ৰ ১৬ জন, বিজেডিৰ ১২ জন,বিএছপিৰ ১০ জন আৰু বাকীখিনি অন্যান্য । এই 543 জন সদস্যৰ ভিতৰত, 171 জন সদস্যৰ 2 টাতকৈ অধিক সন্তান আছে । যাৰ ভিতৰত বিজেপিৰ 107 জন, কংগ্ৰেছ (10), জেডি(ইউ) (9), ডিএমকে (6) আৰু আনখিনি 25 টা অন্যান্য ৰাজনৈতিক দলৰ । ইটিভি ভাৰতৰ সৌৰভ শৰ্মাৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ ।

Accident at JKs Ramban: ৰামবানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয় গৰাকীলৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত সংঘটিত দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে (Death toll in accident at JKs Ramban rises)। আন দুগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত এই সংখ্য়া বৃদ্ধি হৈছে ।

Darlings trailer: আলিয়া ভাট আৰু শ্বেফালী শ্বাহৰ যুটিয়ে আমোদ দিব দৰ্শকক

ডাৰ্লিংছক এখন ডাৰ্ক কমেডী-ড্ৰামা হিচাপে দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিয়া হ’ব ৷ মায়ানগৰী মুম্বাইত মাতৃ-কন্যাই জীৱনৰ অসুবিধাবোৰৰ সৈতে মোকাবিলা কৰাৰ লগতে মিছাৰ সহায় লৈ আনৰ জীৱনত খেলিমেলিৰো সৃষ্টি কৰা দেখা গ’ল ট্ৰেইলাৰটোত ৷ অধিক জানিবলৈ আগলৈ পঢ়ক-

Rajinikanth honoured by IT Department: আয়কৰ বিভাগৰ দ্বাৰা সন্মানিত চুপাৰষ্টাৰ ৰজনীকান্ত; গৌৰৱান্বিত কন্যা ঐশ্বৰ্য

২৪ জুলাইত চেন্নাইত আয়কৰ দিৱস পালন কৰা হয় । তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজনে সভাপতিত্ব কৰা অনুষ্ঠানটোত ঐশ্বৰ্যই তেওঁৰ চুপাৰষ্টাৰ পিতৃ ৰজনীকান্তৰ হৈ এই বঁটা গ্ৰহণ কৰে (Rajinikanth honoured by IT Department) ।

UP man dies of snake bite: অলৌকিক পন্থাৰে জীয়াই তোলাৰ চেষ্টা মৃত ব্যক্তিক

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিৰ দিনত এইখন দেশৰে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক আজৱ ঘটনা (Tragic incident in Uttar Pradeshs Mainpuri) ৷ এজন লোকক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছতো নিৰ্মম সত্য মানি ল’বলৈ অপ্ৰস্তুত মৃতকৰ পৰিয়াল ৷ ডেৰ দিন পৰ্যন্ত অলৌকিকতাৰে প্ৰচেষ্টা চলালে মৃত আত্মীয়ক জীয়াই তোলাৰ বাবে ৷ যি ঘটনাই এতিয়া চকু কপালত তুলিছে সচেতন জনতাৰ ৷

Chinese fighter jets on LAC: LAC ত চীনা যুঁজাৰু বিমানৰ শক্তি প্ৰদৰ্শন

ৰঙা চীনে প্ৰতিদিনে অগ্ৰাসী মনোভাৱ অব্যাহত ৰাখিছে । বাৰম্বাৰ ভাৰতৰ মাটি নিজৰ দখললৈ নিয়াৰ উদ্দেশ্য়ে কৌশলগতভাৱে সীমান্তত উত্তেজনা বৃদ্ধি কৰি ৰাখিছে ৰঙা চীনে । লাডাখত নিয়োজিত ভাৰতীয় বাহিনীক উত্তেজিত কৰিবলৈ সীমান্তত একাধিকবাৰ চীনা যুঁজাৰু বিমান প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে উৰা মাৰিছে(Chinese fighter jets on LAC) ।

Vitamin B6 Benefits: গৱেষণা মতে ভিটামিন বি6 উদ্বেগ হ্ৰাস কৰাৰ সহায়ক

শেহতীয়া অধ্যয়ন অনুসৰি, উচ্চ পালিৰ (high-dose) ভিটামিন বি6 পিল ব্যৱহাৰ কৰি উদ্বেগ আৰু হতাশাৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰি (Research finds vitamin B6 helps in reducing anxiety)। জাৰ্নেল অব হিউমেন ছাইকোফাৰ্মাকোলজী ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেলে এক অধ্যয়নৰ ফলাফলৰ প্ৰতিবেদনত এই কথা জনাইছে ।

Droupadi Murmu pays tributes at Raj Ghat: ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি দ্ৰৌপদী মূৰ্মুৰ

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটত 'ৰাষ্ট্ৰপিতা' মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (President-elect Droupadi Murmu paid homage to Mahatma Gandhi)। ইয়াৰ পিছতে তেওঁ সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰে (Murmu will take oath as President of India)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.