ETV Bharat / state

বঙাইগাঁৱত নেপালী সাহিত্য সভাৰ বাৰ্ষিক অভিৱৰ্তন

author img

By

Published : Jan 17, 2021, 7:15 PM IST

অসম নেপালী সাহিত্য সভাৰ বঙাইগাঁও জিলা সমিতিৰ বাৰ্ষিক অভিৱৰ্তনৰ আয়োজন ৷ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে দোলাইগাঁও গোৰ্খা অতিথিশালা ভৱন প্ৰাংগণত অনুষ্ঠিত হয় এই অভিৱৰ্তন ৷ অনুষ্ঠানত উপস্থিত থাকে নেপালী সাহিত্য সভাৰ সদস্যসকলৰ লগতে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷

nepali sahitya sabha annual meeting
নেপালী সাহিত্য সভাৰ বাৰ্ষিক অভিৱৰ্তন

বঙাইগাঁও,17 জানুৱাৰী : দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় অসম নেপালী সাহিত্য সভাৰ বঙাইগাঁও জিলা সমিতিৰ বাৰ্ষিক অভিৱৰ্তন ৷ বঙাইগাঁও চহৰৰ দোলাইগাঁও গোৰ্খা অতিথিশালা ভৱন প্ৰাংগণত অনুষ্ঠিত হয় এই অভিৱৰ্তন ৷

শিল্পী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত অভিৱৰ্তনৰ কাৰ্যসূচীস্বৰূপে পুৱা 9 বজাত পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ ভট্টৰায়ে । ইয়াৰ পাচতেই স্মৃতি তৰ্পণৰ আগ ধৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাম কুমাৰ শৰ্মাই । 9.30 বজাত শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷

nepali sahitya sabha annual meeting
নেপালী সাহিত্য সভাৰ বাৰ্ষিক অভিৱৰ্তন

পুৱা 10 বজাত স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰস্তুত কৰা আদৰণি গীতেৰে আৰম্ভ হোৱা প্ৰতিনিধি সভাখন উদ্বোধন কৰে অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যকাৰী সদস্য পূৰ্ণ কাফ্লেই । জিলা সভাপতি গোপাল প্ৰসাদ ভট্টৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন উপস্থাপন আৰু অনুমোদন, সাংগঠনিক চৰ্চা-পৰিচৰ্চা আৰু ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰ অন্তত পৰৱৰ্তী তিনি বছৰীয়া কাৰ্যকালৰ বাবে পূৰ্ণ প্ৰসাদ শৰ্মাক সভাপতি, মানবীৰ পৌডেলক কাৰ্যকৰী সভাপতি, ৰাম প্ৰসাদ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ 21 জনীয়া জিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় । প্ৰতিনিধি সভাত জিলা সমিতিৰ অন্তৰ্গত 6 খন শাখা সমিতিৰ পৰা 100 গৰাকীৰো অধিক প্ৰতিনিধি তথা পৰ্যবেক্ষণকসকলে অংশগ্ৰহণ কৰে ।

nepali sahitya sabha annual meeting
নেপালী সাহিত্য সভাৰ বাৰ্ষিক অভিৱৰ্তন

দিনৰ 1 বজাত আৰম্ভ হোৱা মুকলি সভাত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও কলেজৰ অধ্যাপক ভবানী প্ৰসাদ শৰ্মাৰ ‘ক্ৰিয়েটিভ থ’টছ্’ নামৰ কিতাপ উন্মোচন কৰে । সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খাতিৱাড়াই কয় যে, অসমৰ নেপালীভাষীসকলে নিজৰ ভাষা-সাহিত্যৰ সংৰক্ষণ কৰিয়েই অসমীয়া জাতিক সবল কৰি তুলিছে। অসমত নেপালী ভাষাক লৈ দেখা দিয়া সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় সভাপতি গৰাকীয়ে ।

নেপালী সাহিত্য সভাৰ বাৰ্ষিক অভিৱৰ্তন

আনহাতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে, এটা জাতিৰ উন্নত মাপকাঠি হৈছে সাহিত্য ৷ সাহিত্য জীয়াই থাকিলেহে জাতিটো জীয়াই থাকিব । অন্য ভাষাৰ দৰে অসমত নেপালী ভাষা সাহিত্যকো আগবঢ়াই লৈ যাব লাগিব ৷ তেতিয়াহে ৰাজ্যৰ সাহিত্য ভাণ্ডাৰৰ বিকাশ সম্ভাৱ হ’ব ।

লগতে পঢ়ক : সাহিত্য অকাডেমীৰ ভাষাৰ বঁটা প্ৰাপক বিদৰ ছিং ক্ৰ’ৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.