ETV Bharat / state

মহাবিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক কেন্দ্ৰ কৰি প্ৰতিবাদ - Quarantain Centre

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ ।

National highyway block protest by student bongaigaon assam etv bharat news
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
author img

By

Published : Nov 19, 2020, 7:59 PM IST

উত্তৰ অভয়াপুৰী,19 নৱেম্বৰ: বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়খন দীৰ্ঘসময় ধৰি বন্ধ হৈ আছে ৷ এই বিষয়ৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱোৰধ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ মহাবিদ্যালয়খন পুনৰ খোলাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ বিৰোধিতা কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

National highyway block protest by student bongaigaon assam etv bharat news
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

উল্লেখ্য যে,বিগত সময়ত ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱাত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ পৰ্যবসিত কৰা হৈছিল ৷ ফলত আজিলৈকে মহাবিদ্যালয়খনত আজিলৈকে আৰম্ভ নহ’ল পাঠদান কাৰ্যসূচী ৷ বিষয়টো ছাত্ৰ-ছাত্ৰীসকলে জিলা উপায়ুক্তক অৱগত কৰিছিল যদিও প্ৰশাসনৰ তৰফৰ পৰা কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে পুনৰ মহাবিদ্যালয়খনত পাঠদান আৰম্ভ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে চাওকঃ ব্ৰহ্মপুত্ৰৰ পাৰত শিৱ লিংগ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.