বঙাইগাঁও, 17 ডিচেম্বৰ : শুকুৰবাৰে মেঘালয়ৰ নৰ্থ গাৰো পাহাৰৰ মেন্দিপথাৰস্থিত কেন্দ্ৰীয় ৰেচম বিভাগৰ পি-4 ইউনিট কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এক মুগা বন্য কৃষি বিজ্ঞান মেলা (Muga Vanya Krishi Vigyan Mela held in Meghalaya) ৷ মুগা শিল্প আৰু এৰি শিল্পৰ প্ৰতি কৃষকক অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় ৰেচম বিভাগে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷
আনকি এই কৃষি বিজ্ঞান মেলাৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় (Muga and silk exhibition in Meghalaya) ৷ য’ত মুগা আৰু এৰিৰ পৰা উৎপাদিত বিভিন্ন বস্ত্ৰ আৰু সা-সামগ্ৰী প্ৰদৰ্শন কৰা হয় ৷
উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত এই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে নৰ্থ গাৰো পাহাৰৰ জিলা উপায়ুক্ত আৰ পি মাৰাকে ৷ কেন্দ্ৰীয় ৰেচম বিভাগে আয়োজন কৰা এই মেলাত নৰ্থ গাৰো পাহাৰ জিলা আৰু গোৱালপাৰা জিলাৰ প্ৰায় দুশ মুগা আৰু এৰি পালকে অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে, মুগা আৰু এৰি পালকসকলে যাতে এই কৃষি কৰ্মৰ দ্বাৰা স্বাৱলম্বী হৈ উঠিব পাৰে, সেই বিষয়ে সজাগ কৰিবলৈ কেন্দ্ৰীয় ৰেচম বিভাগে বিভিন্ন সময়ত কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে ৷ ইয়াৰে এক অংশ হিচাবে শুকুৰবাৰে আয়োজন কৰা এই মেলাতে চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কত বাখ্যা দাঙি ধৰে ৰেচম বিভাগৰ বিষয়াসকলে ৷
আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ মুগা আৰু এৰি শিল্পৰ আছে সুনাম ৷ এই শিল্পক যাতে ভৱিষ্যতে আৰু অধিক প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰে, সেই সন্দৰ্ভত অহৰহ চেষ্টা কৰি আছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় ৰেচম বিভাগৰ বিষয়া তথা MESSO ৰ বিজ্ঞানী ড৹ পি বৰপুজাৰীয়ে ৷ ইফালে মেঘালয়ৰ মেন্দিপথাৰৰ এই ফাৰ্মত সৰ্বশ্ৰেষ্ট আৰু উন্নত মানৰ মুগা পলুৰ কণি উৎপাদন কৰি অহা বুলি বিজ্ঞানী মহাশংকৰ মজুমদাৰে প্ৰকাশ কৰে ৷
কেন্দ্ৰীয় ৰেচম বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত নৰ্থ গাৰো পাহাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ ক্ষেত্ৰীয় প্ৰবন্ধক চানৰে জি মমিন আৰু মেন্দিপথাৰ মাল্টিপাৰপোচ চছাইটিৰ সম্পাদিকা ৰোজ কায়থিন কাৰা উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানত ক’ভিড মহামাৰীৰ সময়তো মুগা পলু পালন কৰি অধিক উৎপাদন কৰা তিনিগৰাকী মুগা পলু পালকক ই কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷
ইয়াৰ ভিতৰত আছে বঙাইগাঁও জিলাৰ নয়াগাঁৱত মুগা পলু পালক তথা চিত্ৰ শিল্পী দিপাংকৰ ৰায় (Assam Silk Department felicitated Dipankar Roy)৷
লগতে পঢ়ক : Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ