ETV Bharat / state

আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে অসমৰ বিকাশ কৰাৰ সম্ভাৱনা আছে: মন্ত্ৰী ৰণজিৎ দাস - Khel Maharan 2023

Khel Maharan 2023:বঙাইগাঁৱত যোৱা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা জিলা পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠান আজি বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় ।

Minister Ranjit Kumar Das
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 11:01 PM IST

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বঙাইগাঁও, ৩০ডিচেম্বৰ: "আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিয়ে অসমৰ বিকাশ কৰাৰ সম্ভাৱনা আছে । আলফাৰ আশা ফলপ্ৰসূ নহ'লে তেওঁলোক আগবাঢ়ি নগ'লহেঁতেন ।" এই মন্তব্য় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । বঙাইগাঁৱত যোৱা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা জিলা পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠান আজি বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত তেওঁ আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি সন্দৰ্ভত এইদৰে কয় । জিলা পৰ্যায়ৰ খেলৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে অসম খেল মহাৰণে যুৱক-যুৱতীসকলৰ মাজত খেলৰ এটা পৰিৱেশ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে ৰাজ্যজুৰি অসম খেল মহাৰণ যোৱা এক নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা হয় ।

তেওঁ কয় যে যদিও পূৰ্বতে গ্ৰাম্য পৰ্যায়ত খেল অনুষ্ঠিত হৈছিল,কিন্তু এইবছৰৰ দৰে চহৰ অঞ্চলত খেল অনুষ্ঠিত হোৱা নাছিল বুলি তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বঙাইগাঁৱত জিলা পৰ্যায়ত অনুষ্ঠিত খেলত অলিম্পিক খেলৰ দৰে অলিম্পিক শিখা জ্বলোৱা হৈছে । এয়া এক ব্যতিক্ৰমী আয়োজন । বঙাইগাঁও জিলাৰ পৰা খেলুৱৈ ৰাজ্যিক পৰ্যায়ত খেলি জিলাখনলৈ সুনাম কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে । লগতে খেল মহাৰণ সুকলমে চলাই নিয়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিভাগক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

আজিৰ এই অনুষ্ঠানত বিধায়ক ফণীভূষণ চৌধুৰীয়ে ভাষণ প্ৰসংগত জিলাখনৰ পৰা ৰাজ্যিক পৰ্যায়ত খেলিবলৈ যাবলগীয়া খেলুৱৈসকলে যাতে অনুশীলন চলাই তাৰ বাবে আহ্বান জনায় । উক্ত অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠকেও বক্তব্য আগবঢ়ায় । সামৰণি অনুষ্ঠানত বিহু নৃত্য, কোচ-ৰাজবংশীসকলৰ গোৱালিনী নৃত্য, বড়োসকলৰ বাগৰুম্বা নৃত্য আৰু ৰাভা নৃত্য পৰিৱেশন কৰে স্থানীয় শিল্পীসকলে । আজিৰ সামৰণি অনুষ্ঠানত বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা জ্যেষ্ঠ,কনিষ্ঠ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:লখিমপুৰৰ শশী খাউণ্ড বৰালৈ ইণ্ডিয়ান নেচনেল এৱাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.