ETV Bharat / state

জিলাই জিলাই ৰাইডাৰৰ ৰূপত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য - বিশ্ব স্মৃতি দিৱস

ৰাজ্যুজৰি বৰ্ধিত পথ দুৰ্ঘটনাসমূহ হ্ৰাস কৰিবলৈ পথ সুৰক্ষা সজাগতা অভিযান আৰম্ভ কৰা হৈছে ৷ ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা অনাৰ প্ৰয়াসেৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰতিখন জিলাত নিজেই বাইক চলাই উপস্থিত হৈছে ৷

Etv BharatPARIMAL SHUKLABAIDYA in Abhayapuri
Etv Bharatজিলাই জিলাই ৰাইডাৰৰ ৰূপত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:30 PM IST

জিলাই জিলাই ৰাইডাৰৰ ৰূপত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

বঙাইগাঁও, ২২ নৱেম্বৰ : গোৱালপাৰা জিলাৰ পিচতে বুধবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত বাইক চলাই উপস্থিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাওঁৰ পৰা আৰম্ভ কৰা হৈছে ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলী ৷ এই ৰেলীৰে অংশ হিচাপে ৰাজ্যৰ জিলাই জিলাই উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য। পৰিবহণ মন্ত্ৰীগৰাকীৰ নেতৃত্বত পথ সুৰক্ষাৰ বাবে ৰাজ্যজুৰি উলিওৱা হয় এই বাইক ৰেলী ।

পথ সুৰক্ষাৰ জন আন্দোলনৰ জৰিয়তে ৰাইজক সজাগ কৰি দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াস কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে । এই ৰেলীৰ সৈতে সংগতি ৰাখি অভয়াপুৰীত পথ সুৰক্ষা মূলক বাটৰ নাট আৰু ৰাইজৰ উপস্থিতিত এখনি সজামূলক সভা অনুষ্ঠিত কৰা হয় । ৰাজ্যখনত বৰ্ধিত পথ দুৰ্ঘটনাৰ তালিকাত বঙাইগাঁও জিলাও অন্যতম । সেয়ে যান-বাহন চলাওঁতে পথ সুৰক্ষাৰ বিভাগীয় নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনায় ।

পথ দুৰ্ঘটনাত মৃত্যু তথা ক্ষতিগ্ৰস্ত লোকৰ বাবে "বিশ্ব স্মৃতি দিৱস" উপলক্ষে লোৱা পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচীত সকলোৰে প্ৰয়োজনীয়া আছে বুলি ভাষণত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । লগতে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ গুৰুত্ব সহকাৰে লৈ বাহনৰ গতিবেগ নিয়ন্ত্ৰণেৰে নিজৰ লগতে আনৰো জীৱন সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে মন্ত্ৰীগৰাকীয়ে এনেদৰে উপস্থিত হৈ ৰাইজক সজাগ কৰিলে বৰ্ধিত দুৰ্ঘটনা হ্ৰাস পাব বুলি পূৰ্ণ আশাবাদী মন্ত্ৰীগৰাকী । ইফালে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে সভা, সাংস্কৃতিক অনুষ্ঠান, ৰেলীকে ধৰি বিহু অনুষ্ঠান অনুষ্ঠিত কৰিব লাগিলে কৰ আৰোপ কৰা সন্দৰ্ভত সোধা প্ৰশ্নত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অজ্ঞতা প্ৰকাশ কৰে। অৱশ্যে আজিয়েই অভয়াপুৰীৰ পৰা বঙাইগাঁওলৈ ৰাওনা হৈছে মন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক: পথ সুৰক্ষা সজাগতা: দুধনৈত নিশা বাইক চলাই উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.