উত্তৰ অভয়াপুৰী, 13জুনঃ বঙাইগাঁও জিলাৰ শৌলমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আটক কৰে আৰক্ষীয়ে ৷ মধ্যাহ্ন ভোজনৰ চাউলৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰা অভিযোগত শিক্ষকজনক আটক কৰে আৰক্ষীয়ে ৷
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত ৯০১ নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউলত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে দীৰ্ঘ দিনৰে পৰা মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰী সকলক বিতৰণ নকৰাৰ অভিযোগ অভিভাৱক সকলৰ ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক নাছিৰ উদ্দিনে দীৰ্ঘ দিন ধৰি বিদ্যালয় পৰিচালনা সমিতিক আওকাণ কৰি নিজৰ ইচ্ছামতে মধ্যাহ্ন ভোজনৰ সামগ্ৰী সমুহত ব্যাপক দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত ঘটনাত ক্ষুব্ধ হৈ শিক্ষক জনৰ বিৰুদ্ধে কোকিলা আৰক্ষী চকীত অভিযোগ দিয়ে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষী বিদ্যালয় খনত উপস্থিত হয় ৷ আৰু বিদ্যালয় খনৰ পিছ ফালে পুতি থোৱা অৱস্থাত মধ্যাহ্ন ভোজনৰ চাউল,আলু,কণী সামগ্ৰী বোৰ গেলি-পচি যোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে ঘটনাৰ অভিযোগত আৰক্ষীয়ে প্ৰধান শিক্ষক নাছিৰ উদ্দিনক আটক কৰিছে । এই ঘটনাৰ উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে । শিক্ষকজনৰ এই মধ্যাহ্ন ভোজনৰ সামগ্ৰী মাটিত পুতি থোৱা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক- কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যত ওলাইছে কুমটি,পইতাচোৰা