চিৰাং, 23 জানুৱাৰী : শনিবাৰে বঙাইগাঁৱত সদৌ অসম ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ বঙাইগাঁও শ্বহীদ ভৱনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ আইনৰ বিৰোধিতাৰে এই কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷
প্ৰতিবাদকাৰী সকলে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে 'কা' আৰু 'EIA' বাতিল, অসম চুক্তিৰ 6 নং দফাৰ সফল ৰূপায়ন আৰু বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ দাবী জনায় ৷ হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্ল'গানৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও