ETV Bharat / state

15 দিনে বানৰ কবলত বঙাইগাঁৱৰ অৰ্ধ শতাধিক গাঁও - আই নদীৰ বাঢ়নী পানী

বিগত 15 দিন ধৰি অব্যাহত বানত সৰ্বস্বান্ত বঙাইগাঁৱৰ অৰ্ধ শতাধিক গাঁৱৰ লোক ৷ বৃহস্পতিবাৰৰ পৰা জিলাখনত পুনৰ বৃদ্ধি হ'বলৈ ধৰিছে জলমগ্ন গাঁৱৰ সংখ্য়া ৷ আই আৰু মানাহ নদীৰ বৰ্ধিত জলপৃষ্ঠই বুৰাইছে বঙাইগাঁও জিলাৰ বিস্তৰ অঞ্চল ৷ কিন্তু বৰ্তমানেও চৰকাৰ বা জিলা প্ৰশাসনৰ লোকে তেওঁলোকৰ সমস্যা সমাধান গুৰুত্ব নিদিয়াৰ অভিযোগ বানাক্ৰান্তৰ ৷

বানৰ কবলত বঙাইগাঁৱৰ অৰ্ধ শতাধিক গাঁও
বানৰ কবলত বঙাইগাঁৱৰ অৰ্ধ শতাধিক গাঁও
author img

By

Published : Jul 10, 2020, 12:43 PM IST

বঙাইগাঁও, 10 জুলাইঃ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি, ৰাজ্যত অব্যাহত থকা বানৰ বিভীষিকাই 10 জুলাইৰ দিনটোত পুনৰ ভিন্ন প্ৰান্তৰ মুঠ 459 খনকৈ গাঁও ক্ষতিগ্ৰস্ত কৰিছে ৷ ইয়াৰ লগে লগে শুকুৰবাৰলৈ মুঠ 3,508 খনকৈ গাঁৱত বানে বিস্তৰ প্ৰভাৱ পেলাইছে ৷ বৰ্তমানলৈ সমগ্ৰ ৰাজ্যতে মুঠ 26,676,25 হেক্টৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুঠ 40 গৰাকীকৈ লোকে বানৰ ফলত মৃত্যুক সাৱটিবলগীয়া হৈছে ৷ বানৰ কবলত পৰি বিস্তৰ ক্ষতিসাধন হৈছে বঙাইগাঁও জিলাৰ প্ৰায় অৰ্ধ শতাধিক গাঁৱত ৷

15 দিনে বানৰ কবলত বঙাইগাঁৱৰ অৰ্ধ শতাধিক গাঁও

বঙাইগাঁও জিলাত উত্তৰ অভয়াপুৰীৰ আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বৃহত্তৰ অঞ্চলটোৰ অৰ্ধ শতাধিক গাঁও ৷ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ঘেৰুকাবাৰী-কীত্তৰ্নপাৰা আৰু ভাণ্ডাৰা-কীৰ্ত্তনপাৰা সংযোগী পকী পথটো ৷ পথৰ ওপৰেৰে পানী বাগৰাৰৰ সমান্তলৰালকৈ বহু ঘৰ প্লাবিত হোৱাৰ লগতে,ভিন্ন ন ন গাঁও সম্প্ৰতি জলমগ্ন হ'বলৈ আৰম্ভ কৰিছে ৷ বাঢ়নী পানীয়ে ক্ৰমে ১, ৩, ৪ আৰু 6 নং ভাণ্ডাৰা, দক্ষিণ কাজদাহা. জাৰাগুৰী. জামদহা, নদীয়াপাৰাকে ধৰি কেইবাখনো গাঁও বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰিছে ৷ বিগত 15 দিনৰ পৰাই জলমগ্ন হৈ আছে বৃহত্তৰ অঞ্চল ৷ আই নদীৰ সমান্তৰালকৈ মানাহ নদীৰ বৰ্ধিত জলপৃষ্ঠইয়ো সম্প্ৰতি প্লাবিত কৰিছে বঙাইগাঁৱৰ বিস্তৰ অঞ্চলকেইটা ৷ বৃহস্পতিবাৰৰে পৰা অধিক বৃদ্ধি পাবলৈ ধৰে প্লাবিত হোৱা অঞ্চলৰ সংখ্যাও ৷ দুৰ্ভোগ ভুগিবলগীয়া হৈছে শ শ বানাক্ৰান্তই ৷ কিন্তু ইমানৰ পিচতো ৰাজ্য় চৰকাৰ অথবা জিলা প্ৰশাসনৰ এগৰাকীও লোকে তেওঁলোকৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ নকৰৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহায়-সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰই ৰাইজৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উপায়ন্তৰ বানাক্ৰান্ত লোকে ৷

লগতে পঢ়কঃ মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.