বঙাইগাঁও , 26 মাৰ্চ : বঙাইগাঁওৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কাছাৰপেটীগাঁওপঞ্চায়তৰ টুক্কাৰচৰত সোমবাৰে সংঘটিত হয় এক ভয়াৱহঅগ্নিকাণ্ড। ছুমাৰ আলী নামৰ লোক এজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডটোৰ ফলত ঘৰৰ ভিতৰত থকা নগদ ধন, সোণৰ আ-অলংকাৰৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসহ তিনি লক্ষাধিক টকাৰ সম্পত্তিভস্মীভূত হোৱা বুলি জনাইছে প্ৰত্যক্ষদৰ্শীয়ে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছেস্থানীয় ৰাইজে। ইপিনে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও পথৰ দুৰাৱস্থাৰ বাবে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম ন'হল । অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে জুই নিৰ্বাপনকৰে ।