ETV Bharat / state

বঙাইগাঁৱৰ কীৰ্তনপাৰাত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Apr 28, 2019, 8:28 AM IST

এই অগ্নিকাণ্ডটোত এটা বাসগৃহ সহ তিনিখনকৈ দোকান জুইত জাহ যায় ৷ লগতে অগ্নিকাণ্ডটোত তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি তাৰা মিয়া নামৰ এজন লোকৰ অবৈধ পেট্ৰ'ল, ডিজেলৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় ৷

উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তনপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

উত্তৰ অভয়াপুৰী , 28 এপ্ৰিল : বঙাইগাঁৱৰ কীৰ্তনপাৰা বজাৰত শনিবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত নিমিষতে 1টা বাসগৃহসহ 3খনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে 3 জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তনপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

পুৱতি নিশা বজাৰখনত হঠাৎ অগ্নিসংযোগ হৈ মিনহাজ আলী, হাবিল উদ্দিন, আৰু তাৰা মিয়া নামৰ লোককেইজনৰ দোকান কেইখন নিমিষতে ভস্মীভূত হয় ৷ লগতে বজাৰৰ গাতে লাগি থকা মাণিক দাসৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ জুইত প্ৰায় 20 লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে অগ্নিকাণ্ডটোত পেতনা দাস, মাণিক দাস আৰু আব্দুল হাই নামৰ লোককেইজন গুৰুতৰভাৱে আহত হয় ৷

ইপিনে স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি তাৰা মিয়া নামৰ এজন লোকৰ অবৈধ পেট্ৰ'ল, ডিজেলৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় ৷ আহত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও আব্দুল হাইৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপন কৰা হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত অধিক ভয়ংকৰ পৰিৱেশৰ পৰা ৰক্ষা পৰে বজাৰখন ৷

Intro:উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তন পাৰা বজাৰত নিশা ভয়াবহ অগ্নিকাণ্ড। দাউ দাউকৈ জ্বলি উঠিল জুই। এটা বাসগৃহ সহ ৩টাকৈ দোকান ভস্মীভূত । তিনি জনকৈ লোক গুৰুতৰ ভাৱে আহত ।অবৈধ পেট্ৰ'লৰ দোকানৰ পৰা জুইৰ সুুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। প্ৰায় ২০ লক্ষ্যাধিক টকাৰ সম্পত্তি ভস্মীভূত ।Body:উত্তৰ অভয়াপুৰীৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তন পাৰা বজাৰত নিশা ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ।জুইত ৩টাকৈ দোকান আৰু এটা বাসগৃহ নিমিষতে ভস্মীভূত হয়। জানিব পৰা মতে নিশা তিনি মান বজাত হঠাৎ দাউ দাউকৈ জ্বলি উঠে জুই আৰু মিনহাজ আলী, হাবিল উদ্দিন, আৰু তাৰা মিয়াৰ দোকান কেইখন নিমিষতে ভস্মীভূত হয়।লগতে বজাৰৰ গাতে লাগি থকা মানিক দাসৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজে সন্দেহ কৰা মতে তাৰা মিয়া নামৰ এজন লোকৰ অবৈধ পেট্ৰ'ল, ডিজেলৰ দোকানৰ পৰা জুইৰ সুুত্ৰপাত হয়। জুইত পেতনা দাস, মানিক দাস আৰু আব্দুল হাই গুৰুতৰ ভাৱে আহত হয়। আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও আব্দুল হাইৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। জুইত প্ৰায় ২০ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নুমাবলৈ সক্ষম হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত অধিক ভয়ংকৰ পৰিবেশৰ পৰা ৰক্ষা পৰে বজাৰ খন। Conclusion:স্থানীয় লোকৰ মন্তব্য।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.