ETV Bharat / state

MGNREGA আঁচনিৰ কামত ব্যাপক দূৰ্নীতিৰ অভিযোগ - এমজিএনেৰেগাৰ কামত ব্যাপক দূৰ্নীতি

সৃজনগ্রাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তত এম জি এনৰেগাৰ কামত ব্যাপক দুৰ্নীতি সংঘটিতৰ অভিযোগ ৷ দুৰ্নীতি, অনিয়মৰ ক্ষেত্ৰত পঞ্চায়ত সচিবে পূৰ্ণ সহযোগ কৰা বুলি জানিব পৰা গৈছে ।

massive-corruption-in-mgnregan-scheme
পুনৰ MGNREGA আঁচনিৰ কামত ব্যাপক দূৰ্নীতি
author img

By

Published : Jul 8, 2021, 10:38 AM IST

অভয়াপুৰী,8 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এম জি এনৰেগাৰ কামৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ প্ৰকাশিত হৈ অহাৰ সময়তে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে এম জি এনৰেগাৰ (MGNREGA) আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । উত্থাপিত অভিযোগ মতে গোলাপাৰা-বাংলাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাপাৰা 1 নং খণ্ডৰ কবৰস্থানৰ পৰা পাৰঘাটলৈ যোৱা পথত এম জি এনৰেগাৰ (MGNREGA)ৰ জৰিয়তে পথ নিৰ্মাণৰ কাম এটা হাতত লৈছিল ৷ কিন্তু সভানেত্ৰী গৰাকীৰ স্বামী আলতাবৰ মইমতালি তথা অযথা হস্তক্ষেপৰ কাৰণে আঁচনিখন পূৰ্ণ পৰ্যায়ত ৰূপায়ণ নকৰি, দুৰ্নীতি, অনিয়মৰে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ।

একাংশ ৰাইজে অভিযোগ কৰা মতে কামটো নিদিষ্ট ঠাইৰ পৰা আৰম্ভ নকৰি মাজৰ পৰা কাম আৰম্ভ কৰি ঠায়ে ঠায়ে অলপো কাম নকৰাকৈ থৈ দিয়া হৈছে । সভানেত্ৰী গৰাকীৰ স্বামীৰ এনে নিকৃষ্ট কামক লৈ স্থানীয় একাংশ লোক হতভম্ব হৈ পৰিছে । দুৰ্নীতি, অনিয়মৰ ক্ষেত্ৰত পঞ্চায়ত সচিবে পূৰ্ণ সহযোগ কৰিছে বুলি জানিব পৰা গৈছে ।

পুনৰ MGNREGA আঁচনিৰ কামত ব্যাপক দূৰ্নীতি

পঞ্চায়তখনৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে ৰূপায়ণ কৰা বহু আঁচনিৰ ক্ষেত্ৰতো যথেষ্ট খেলিমেলি হৈ আছে বুলিও অভিযোগ পোৱা গৈছে ।

দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ সুদৃষ্টি কামনা কৰিছে স্থানীয় ৰাইজে । ৰাজ্যত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱা ঘটনা নতুন নহয় ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাইজে সময়ে সময়ে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক: গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ উৰ্ধমুখী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.