ETV Bharat / state

মানাহ নদীৰ গৰাখহনীয়াৰ কৱলত চৰকাৰী বিদ্যালয়

author img

By

Published : Jul 13, 2021, 10:52 PM IST

ক’ভিড আতংকৰ লগতে ৰাজ্যত শেহতীয়াকৈ বান-গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ ইতিমধ্যেই কেইবাখনো জিলাৰ বহু অঞ্চল গৰাখহনীয়াৰ কৱলত পৰাৰ মাজতে বঙাইগাঁও মানাহ নদীৰ গৰাখহনীয়াত জাহ গৈছে বহু অঞ্চল ৷

manikpur-government-school-damaged-in-manah-river-erosion
মানাহ নদীৰ গৰাখহনীয়াৰ কৱলত চৰকাৰী বিদ্যালয়

বঙাইগাঁও,13 জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ক'ভিডৰ আতংক অব্যাহত থকা মাজতে ৰাজ্যৰ বহু কেইখন জিলাত বান-গৰাখহনীয়াই ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ভৰ বাৰিষাৰ সময়চোৱাত ইতিমধ্যেই ৰাজ্যৰ কেইবাখনো জিলাৰ বহু অঞ্চল বানৰ কবলত পৰিছে ৷ ইয়াৰ মাজতে মানাহ নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল ৷ বানত বুৰ গৈছে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰ পাৰা তৃতীয় খণ্ড গাঁৱৰ হাজৰ হাজৰ বিঘা কৃষিভূমিৰ লগতে বিদ্যালয় গৃহ ৷

উল্লেখ্য যে, সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বহু নৈ পৰীয়া অঞ্চলৰ শ শ বিঘা কৃষিভূমি, শতাধিক লোকৰ বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ৷ লগতে নাম্বাৰ পাৰা তৃতীয় খণ্ড গাঁৱৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় খনো গৰাখহনীয়াৰ কবলত পৰিছে ৷ বিদ্যালয় খনৰ ৰান্ধনী ঘৰটোৰ লগতে শৌচালয়টো ইতিমধ্যে খহনীয়াৰ কৱলত অনিষ্ট হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে বিদ্যালয় খনৰ মূলগৃহটোও যিকোনো মূহুৰ্ততে গৰাখহনীয়াত জাহ যাব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

প্ৰাপ্ত তথ্য মতে, নাম্বাৰ পাৰা তৃতীয় খণ্ড গাঁৱৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় খনত 150 জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ৷ বানৰ কৱলত বিদ্যালয়খন বেয়াকৈ ক্ষতিগ্ৰস্ত হ’লে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি আহিব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখনীয় যে, ধেমাজি, লখিমপুৰ, গোলাঘাটকে ধৰি ৰাজ্যৰ বহুকেইখন জিলাৰ ঠায়ে ঠায়ে ইতিমধ্যেই বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ভৰ বাৰিষা বানে ধাৰণ কৰা সংহাৰী ৰূপৰ কৱলত পৰি অনিষ্ট হৈছে কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে বহু বাসগৃহ ৷ শেহতীয়াকৈ বান তথা গৰাখহনীয়া ৰোধ কৰিবৰ বাবে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছিল যদিও ৰাজ্যৰ বহু জিলাত দেখা গৈছে বানৰ ভয়াৱহ ৰূপ ৷

লগতে পঢ়কঃ গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.