ETV Bharat / state

শৌলমাৰীত টুলুঙা নাৱৰে বিপদসংকুল যাতায়ত ৰাইজৰ

বঙাইগাঁৱৰ শৌলমাৰীত পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ দলঙখন উটুৱাই নিলে নৈৰ সোঁতে। ফলত উপায়বিহীন হৈ টুলুঙা নাৱেৰেই বিপদশংকুলভাৱে যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷

author img

By

Published : Jun 18, 2021, 10:54 PM IST

Manikpur Footbridge broken by flood
বঙাইগাঁৱৰ শৌলমাৰীত টুলুঙা নাৱঁৰে বিপদসংকুল যাতায়ত ৰাইজৰ

বঙাইগাঁও,18 জুন : বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰীত পোকালাগী নৈ (POKALAGI RIVER)ৰ ওপৰত ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰিছিল এখন বাঁহৰ দলং। ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলংখনৰেই যাতায়ত কৰিছিল কেইবাখনকৈ গাঁৱৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে। কিন্তু যোৱা দুইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নৈ খনৰ বাঢ়নী পানীয়ে শুকুৰবাৰে পুৱাৰ ভাগতেই উটুৱাই নিয়ে দলংখন। ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

ইপালে দলংখন পানীয়ে উটুৱাই নিয়াৰ ফলত এখন টুলুঙা নাৱেৰেই বিপদশংকুলভাবে যাতায়ত অব্যহত ৰাখিছে যদিও যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি শংকিত হৈছে ৰাইজ । দীৰ্ঘদিন ধৰি নৈখনৰ ওপৰত এখন দলং নিৰ্মাণৰ কৰি দিবলৈ স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আহ্বান জনাইছিল যদিও আজিলৈকে দলং এখনৰ ব্যৱস্থা কৰি নিদিলে বুলি ৰাইজে অভিযোগ কৰিছে ৷

কি কংগ্ৰেছ (CONGRESS),কি বিজেপি (BJP) কোনো এখন চৰকাৰেই দলং এখনৰ ব্যৱস্থা কৰি নিদিয়াত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ অকল নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধি সকলে উক্ত অঞ্চলটোলৈকে ভোট বিচাৰি আহে বুলি আন এক অভিযোগ কৰিছে ৰাইজে । জনপ্ৰতিনিধি সকলৰ হেমাহীৰ বাবেই আজি যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলিও আন এক অভিযোগ কৰিছে ৷

উক্ত স্থানত শীঘ্ৰেই এখন কাঠৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CHIEF MINISTER DR. HIMANTA BISWA SARMA)ক আহ্বান জনাইছে স্থানীয় ৰাইজে । যদি দলংখন নিৰ্মাণ কৰি নিদিয়ে তেনেহ'লে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'ব বুলি শংকিত হৈছে ৰাইজ ৷

লগতে পঢ়ক-WTC Final : বৰষুণৰ বাবে বাতিল হ’ল টছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.