ETV Bharat / state

বঙাইগাঁৱৰ এখন জৰাজীৰ্ণ দলঙে জীয়াতু ভুগাইছে ৰাইজক

বঙাইগাঁৱৰ নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নৈৰ ওপৰত থকা এখন দলঙে জীয়াতু ভুগাইছে ৰাইজক ৷ প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ অহা দলংখনৰ মেৰামতি বিচাৰি নতুন চৰকাৰলৈ আশাৰে বাট চাইছে ৰাইজে ৷

manikpur-broken-bridge
বঙাইগাঁৱৰ এখন জৰাজীৰ্ণ দলঙে জীয়াতু ভুগাইছে ৰাইজক
author img

By

Published : May 20, 2021, 10:40 PM IST

বঙাইগাঁও, 20 মে’ : জৰাজীৰ্ণ ৰূপত আছে মানাহ নৈৰ ওপৰত থকা বঙাইগাঁও গোৱালপাৰা সংযোগী এখন দলং। লক্ষণীয়ভাৱে এই দলং খনত প্ৰায়েই সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা।

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নৈৰ ওপৰত থকা দলং খন জৰাজীৰ্ণ হোৱাত বৃহত্তৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগি আহিছে ।

বঙাইগাঁৱৰ এখন জৰাজীৰ্ণ দলঙে জীয়াতু ভুগাইছে ৰাইজক

বিগত ১০ বছৰ পূৰ্বে ঠাইখনত এখন কাঠৰ দলং নিৰ্মাণ হৈছিল যদিওঁ মেৰামতি নকৰাত যোৱাটো বৰ্ষৰ বানপানীৰ প্ৰবল সোঁতে উটুৱাই লৈ যায় দলংখন ।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘৰে ঘৰে গৈ বাহঁৰ লগতে দান বৰঙণি সংগ্ৰহ কৰি দলংখন মেৰামতি কৰে যদিওঁ পুনৰ আগৰদৰেই জৰাজীৰ্ণ ৰূপ লয় এই দলং খনে ।

মনকৰিবলগীয়া যে, দলং খনৰে নিতৌ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজৰ লগতে দহৰ পৰা বাৰখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, কেইবাখনো হাট বজাৰৰ ব্যৱসায়ীকে ধৰি বহু লোক যাতায়ত কৰে ৷ কিন্তু, সম্প্ৰতি দলংখনৰ এই অৱস্থা হোৱাত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিছে এই সকল লোকে ।

ইফালে, দলং খনত প্ৰায়েই সংঘটিত হৈ আহিছে দুৰ্ঘটনা । এনে পৰিস্থিতিত এতিয়া নতুন চৰকাৰক সোনকালে দলং খন নিৰ্মান কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত সুচল কৰিবলৈ দাবী জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক : মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.