ETV Bharat / state

Operation Against Child Marriage: বাল্যবিবাহৰ নামত আৰক্ষীৰ গুণ্ডাগিৰিৰ গুৰুতৰ অভিযোগ

author img

By

Published : Feb 8, 2023, 3:30 PM IST

বাল্যবিবাহে টোপনি হৰিছে আৰক্ষীৰ লগতে সাধাৰণ লোকৰ ৷ এইবাৰ বঙাইগাঁৱত বাল্যবিবাহৰ অভিযানৰ নামত পৰিয়ালৰ লোকক মাজনিশা হাৰাশাস্তি কৰাৰ লগত নিৰ্দোষী লোকক ঘৰৰ পৰা আৰক্ষীয়ে উঠাই নিয়াৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Police harassed child marriage victims family) ৷

Locals Protest against Manikpur Police for child marriage operation
বাল্যবিবাহৰ নামত আৰক্ষীৰ গুণ্ডাগিৰিৰ গুৰুতৰ অভিযোগ

বঙাইগাঁও, 8 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে বাাল্যবিবাহ বিৰোধী অভিযান (Operation Against Child Marriage) ৷ ৰাজ্যৰ পৰা বাল্যবিবাহ প্ৰথা আঁতৰাবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশানুসৰি অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে একাংশ আৰক্ষীয়ে বাল্যবিবাহৰ গইনা লৈ পৰিয়ালসমূহৰ ওপৰত হাৰাশাস্তি কৰাৰ ঘটনা পোহৰলৈ আহিছে (Police harassed child marriage victims family) ৷

ঘটনাৰ বিৱৰণী অনুসৰি বঙাইগাঁও জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত সন্তৰাদহা গাঁৱত মঙলবাৰে প্ৰায় 2 বজাত মানিকপুৰ আৰক্ষীয়ে বাল্যবিবাহ বিৰোধী অভিযানৰ গইনা লৈ হজৰত আলী নামৰ এজন লোকক শোৱাপাটীৰ পৰা উঠাই লৈ যায় ৷ আৰক্ষীয়ে মাজনিশা হজৰত আলীৰ ঘৰৰ দুৱাৰত টুকুৰিওৱাত আলীয়ে আহি দুৱাৰ খুলি দিয়ে ৷ তাৰ পিচতে আৰক্ষীয়ে আলীক তেওঁৰ ভাগিনিয়েকৰ ঘৰ দেখুৱাই দিবলৈ নিৰ্দেশ দিয়ে ৷ লোকজনে আৰক্ষীক প্ৰত্যুত্তৰ দিয়ে মানে আৰক্ষীয়ে ঘৰৰ পৰা চোঁচৰাই লৈ যায় হজৰতক (Police forcefully arrested people) ৷

এই ঘটনা দেখি তেওঁৰ পত্নীয়ে স্বামীক নিনিবলৈ আৰক্ষীক কাকুতি মিনতি কৰে যদিও আৰক্ষীয়ে গতা মাৰি ঠেলি পঠিয়াই তেওঁৰ পত্নীক ৷ এই ঘটনাৰ পিচতে পৰিয়ালটোত হাহাকাৰ লাগে ৷ মহিলাগৰাকীয়ে নিশাই ওচৰ চুবুৰীয়াক স্বামীক ধৰি নিয়াৰ কথা অৱগত কৰে ৷

প্ৰকৃততে আৰক্ষীয়ে ২নং পাটকাটাৰ আব্দুল গফুৰক বিচাৰি আহিছিল ৷ দুই বছৰ আগতে প্ৰেম কৰি কম বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল গফুৰ ৷ দুয়োৰে মাজত ভালপোৱা থকাৰ বাবে দুয়ো এই সম্পৰ্কক সামাজিকত স্বীকৃতি দিবলৈ পলাই বিয়া পতাৰ সিদ্ধান্ত লয় ৷ কিন্তু তেওঁলোকৰ বিবাহ সামাজিক মাধ্যমেৰে সম্পন্ন হোৱা নাছিল , আনকি এই বিবাহত গাঁৱৰ কনো ব্যক্তিও জড়িত নাছিল।

সেইবাবে এই ঘটনাৰ লগত সাঙুৰি আব্দুলৰ মোমায়েক হজৰতক মানিকপুৰ আৰক্ষীয়ে জোৰ জবৰদস্তি কৰি আটক কৰা কাৰ্যত খঙত অগ্নিশৰ্মা হৈ পৰে গাঁওবাসী ৷ গাঁৱৰ ৰাইজে হজৰতক অচিৰেই মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰি কয় যে আমি বাল্যবিবাহক সমৰ্থন নকৰো । যি সকলে দোষ কৰিছে তেওঁলোকক যি শাস্তি প্ৰদান কৰে কৰক আমাৰ তাত দ্বিমত নাই। কিন্তু সেই অজুহাতত গাঁৱৰ বা সম্বন্ধীয় ব্যক্তিক হাৰাশাস্তি কৰাটো গণতান্ত্ৰিক দেশৰ আইন ব্যৱস্থা হ’ব নোৱাৰে।

উল্লেখযোগ্য কথাটো হ’ল হজৰত আলী বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত সন্তৰাদহা গাঁৱৰ । গতিকে নিয়ম অনুসৰি মানিকপুৰ থানাৰ সলনি সৰভোগ আৰক্ষীয়ে এই ক্ষেত্ৰত পদক্ষেপ ল’ব লাগিছিল ৷ এতিয়া ইয়াকে লৈ গাঁওখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নিশাই গাঁৱৰ শ শ পুৰুষ মহিলা ওলাই আহি মাণিকপুৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হজৰত আলীক বিনাচৰ্তে মুক্তি দিবলৈ দাবী উত্থাপন কৰে (Locals Protest against Manikpur Police)৷ প্ৰতিবাদী ৰাইজে মানিকপুৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Ankur Surana Kidnap Case: বন্ধু আৰু পাৰ্টীয়েই বিপদত মাতিছিল অংকুৰ চুৰাণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.