বঙাইগাঁও,25 মে’: বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এইছ পি গেছ চাৰ্ভিছ চেণ্টাৰত দেওবাৰে এজন কৰ্মচাৰীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ কৰ্মচাৰীজন ক’ৰণাত আক্ৰান্ত হোৱাৰ খবৰ লাভৰ পাছতে প্ৰশাসনে অভয়াপুৰীৰ ক’ভিড চেণ্টাৰলৈ লৈ যায় ৷
উল্লেখ্য যে, বৰপেটাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্তনপাৰা মিনি চিকিৎসালয়ৰ উদ্যোগত দেওবাৰে কীৰ্তনপাৰা বজাৰৰ সকলো ব্যৱসায়ী আৰু এইছ পি গেছ চাৰ্ভিছ চেণ্টাৰৰ কৰ্মচাৰীসকলৰ ক'ভিড পৰীক্ষা কৰা হয় । এই পৰীক্ষাতে কৰ্মচাৰীজনৰ দেহত ক‘ভিডৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা কীৰ্তনপাৰা বজাৰ আৰু গেছ চাৰ্ভিছ চেণ্টাৰটো চেনিটাইজ কৰা হয় । চাৰ্ভিছ চেণ্টাৰটোৰ স্বত্বাধিকাৰীয়ে অতি সোনকালে চেণ্টাৰৰ কাম-কাজ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: বাক্সাত ডাইনী সন্দেহত মৰিয়াই এজনক হত্যা