বঙাইগাঁও, ৬ আগষ্ট : সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰূপায়ণৰ বাবে বঙাইগাঁও জিলা স্বাস্থ্যসেৱা সমিতিৰ তৰফৰ পৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । এই সম্পৰ্কত শনিবাৰে বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এক সংবাদমেলৰ । এই সংবাদমেলত উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত(স্বাস্থ্য) ডিম্পী গগৈ আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ পৰেশ কলিতা ৷
উক্ত সংবাদমেলতে অতিৰিক্ত জিলা আয়ুক্ত(স্বাস্থ্য) আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে বঙাইগাঁও জিলাত ৭ আগষ্টৰ পৰা ১২ আগষ্ট ২০২৩ তাৰিখলৈ কাৰ্যকৰী হ’বলগীয়া সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে । ইতিমধ্যে জিলাখনৰ আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ গৰ্ভৱতী মহিলা আৰু শিশুৰ সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত টিকাকৰণৰ বাবে চিনাক্ত কৰিছে ।
তাৰে ভিতৰত গৰ্ভৱতী মহিলা হিতাধিকাৰী ৪৪৪ গৰাকী, শূন্যৰ পৰা দুই(০-২) বছৰ বয়সৰ ৰৈ যোৱা আৰু বাদ পৰি যোৱা শিশু হিতাধিকাৰী ১৭৮৯ গৰাকী আৰু ২-৫ বছৰ বয়সৰ ৰৈ যোৱা আৰু বাদ পৰি যোৱা শিশু হিতাধিকাৰী ৫৮৫ গৰাকী ধৰি মুঠ ২৮২৮ গৰাকী হিতাধিকাৰী চিনাক্ত কৰা হৈছে ।
এইসমূহ হিতাধিকাৰীক সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ আওতাৰ ভিতৰত সামৰিবলৈ ২৪১ টা টিকাকৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব । প্ৰতিগৰাকী হিতাধিকাৰীক টিকাকৰণ কৰাৰ পিচত তেওঁৰ নাম U-WIN Portal ত আপলোড কৰিব লাগিব । জিলা স্বাস্থ্যসেৱা সমিতিয়ে এইক্ষেত্ৰত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু সংশ্লিষ্ট ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে আয়োজকসকলে ।
লগতে পঢ়ক : Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ