ETV Bharat / state

বঙাইগাঁৱত এন্দুৰৰ সন্ধানত গৈ মৃত্যক সাৱটিলে এজন লোকে

কোকৰাঝাৰ জিলাৰ নায়েকগাৱৰ শ্ৰীপুৰ গাঁৱৰ ৰাম দাস,ৰচেন চোৰেন আৰু মাছী টুডুয়ে এন্দুৰ মাৰিবলৈ গৈছিল ধাননি পথাৰলৈ ৷ তিনি বন্ধুয়ে পৃথকে এন্দুৰ বিচাৰি থকা অৱস্থাত বৰষুণৰ পানীৰ ডোঙত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ৰাম দাস নামৰ ৩৫ বছৰীয়া যুৱক জনে ।

In Bongaigaon, a man died in search of a rat
বঙাইগাঁৱত এন্দুৰৰ সন্ধানত গৈ মৃত্যক সাৱটিলে এজন লোকে
author img

By

Published : May 27, 2020, 9:48 PM IST

বঙাইগাঁও,27মে' : সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো চলি আছে লক ডাউন ।লক ডাউনৰ সময়তে এক শোকাৱহ ঘটনা সংঘটিত হৈছে ধুবুৰী আৰু বঙাইগাঁও জিলা‌ৰ সীমান্তৱৰ্তী সুতিৰমুখ গাঁৱত ৷ জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ নায়েকগাৱৰ শ্ৰীপুৰ গাঁৱৰ ৰাম দাস,ৰচেন চোৰেন আৰু মাছী টুডুয়ে এন্দুৰ মাৰিবলৈ গৈছিল ধাননি পথাৰলৈ ৷ তিনি বন্ধুয়ে পৃথকে এন্দুৰ বিচাৰি থকা অৱস্থাত বৰষুণৰ পানীৰ ডোঙত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ৰাম দাস নামৰ ৩৫ বছৰীয়া যুৱক জনে । স্থানীয় ৰাইজে পথাৰলৈ যোৱা সময়ত মৃতদেহ টো প্ৰত্যক্ষ কৰি যোগীঘোপা আৰক্ষীক অৱগত কৰে । ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।ইপিনে, ৰাম দাসৰ লগত অহা দুই সতীৰ্থ ৰচেন চোৰেন আৰু মাছী টুডুয়ে মৃত লোক জনৰ মৃগী বেমাৰ আছিল বুলি সদৰি কৰাৰ পিছত স্থানীয় ৰাইজে ইয়াৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

বঙাইগাঁৱত এন্দুৰৰ সন্ধানত গৈ মৃত্যক সাৱটিলে এজন লোকে

লগতে পঢ়কঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ফৰকাটিং আৰু শিমলুগুৰিত ৰেল ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.