বৰপেটা, 4 মে' : বঙাইগাঁৱৰ অভয়াপুৰীৰ শলমাৰীত চাঞ্চল্য ৷ পৰকীয়া প্ৰেমৰ বাবেই স্বামীয়ে হত্যা কৰিলে ৬ মহীয়া গৰ্ভৱতী পত্নীক ৷ স্বামীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পত্নীক সংকটজনক অৱস্থাত এম্বুলেঞ্চত উঠাই দি পলায়ন কৰে স্বামী জাকিৰ হুছেইনে । চিকিৎসালয়ত ভৰ্ত্তি কৰোৰ পিছতেই মৃত্যু সাৱতি লয় মফিদা খাতুন নামৰ মহিলাগৰাকীয়ে ৷ জানিব পৰা মতে, কোকিলা গাঁৱৰ মইনাল হ'কৰ কন্যা মফিদা খাতুনৰ শলমাৰী গাঁৱৰ মোচলেম উদ্দীনৰ পুত্ৰ জাকিৰ হুছেইনৰ লগত ধৰ্মীয় ৰীতি মতে বিবাহ সম্পন্ন হৈছিল 2013 চনত । পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘ দিনৰ পৰাই জাকিৰ হুছেইনে পত্নী মফিদা খাতুনক শাৰীৰিক নিৰ্যাতন চলাই অহা বুলি অভিযোগ মফিদাৰ পিতৃ পৰিয়ালৰ ৷
শুকুৰবাৰে দিনৰ ভাগতো জাকিৰে গৰ্ভৱতী মফিদাক শাৰীৰিক নিৰ্যাতন চলোৱা বুলি ফোনযোগে ভাতৃ মফিদুল ইছলামক অৱগত কৰিছিল । পাচত নিশা প্ৰায় 10 মান বজাত মফিদা খাতুনে বিষপান কৰা বুলি ফোনযোগে মফিদাৰ ভাতৃক ফোনযোগে জাকিৰে অৱগত কৰে । তাৰ পাচতেই মফিদা খাতুনক সংকটজনক অৱস্থাত ভাতৃৰ সৈতে এম্বুলেঞ্চত উঠাই দি চিকিৎসালয়ত অহাৰ পৰিৱৰ্তে পলায়ন কৰে স্বামী জাকিৰ হুছেইন । চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ কিছু সময় পিছতেই মফিদা খাতুনে গৰ্ভত থকা ৬ মহীয়া সন্তানৰ সৈতে মৃত্যুক আঁকোৱালি লয় । ইপিনে মৃত মফিদাৰ গাত অসংখ্য আঘাতৰ চিন স্পষ্ট হৈ থকাত এইয়া হত্যাকাণ্ড বুলি অভিযোগ মফিদাৰ পিতৃ পৰিয়ালৰ ৷