ETV Bharat / state

বঙাইগাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে শ শ বিঘাৰ ধান খেতি

author img

By

Published : Sep 24, 2020, 2:21 PM IST

বঙাইগাঁৱত অচিন ৰোগত উচন হ’বলৈ ধৰিছে শ শ বিঘা ভূমিৰ ধান খেতি ৷ কোনো অচিন ৰোগত ক্ৰমাৎ শুকাই যাবলৈ ধৰিছে ধাননি সমূহ ৷ ঔষধেও কোনো কাম নিদিয়াত দুঃশ্চিন্তাত ভুগিছে খেতিয়ক ৰাইজ ৷ ধানৰ গুটি লাগিবৰ সময়তে অহা এই দুৰ্যোগৰ ফলত এতিয়া মূৰে কপালে হাত দিছে কৃষকসকলে

বঙাইগাঁৱত অচিন ৰোগত শুকাইছে শ শ বিঘাৰ ধান খেতি

বঙাইগাওঁ, 24 চেপ্তেম্বৰ: বঙাইগাঁৱত অচিন ৰোগত শুকাই শেষ হব ধৰিছে শ শ বিঘা ধাননি ৷ বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকানাবাৰী ভাটীপাৰাৰ কৃষিভূমিত এক অচিন ৰোগৰ ফলত ক্ৰমাৎ উচন হব ধৰিছে শ শ বিঘাৰ ধানখেতি ৷ ঔষধ প্ৰয়োগ কৰিও কোনো সুফল নোপোৱাত গাঁওখনৰ খেতিয়কসকলে এতিয়া উপায়ন্তৰ হৈ মূৰে কপালে হাত দিছে ৷ খেতিয়কসকলৰ অভিযোগ বিয়াগোম কৃষি বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি কোনোৱেই কৃষক সকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি কাণসাৰ দিয়া নাই ৷

বঙাইগাঁৱত উচন হব ধৰিছে শ শ বিঘা ভূমিৰ ধাননি

উল্লেখ্য যে প্ৰতিবছৰে বানত ক্ষতিগ্ৰস্ত হোৱা এইসমূহ অঞ্চলৰ খেতিয়কসকলক এইবাৰ বানৰ পাছতে লকডাউনে জুৰুলা কৰাৰ পাছত খেতি কেইডৰাই আছিল শেষ ভৰষাৰ থলী ৷ কিন্তু এতিয়া সোণগুটি লাগিবৰ সময়তে অচিন ৰোগে সকলোবোৰ শেষ কৰি নিব ধৰাত দুঃশ্চিন্তাত দিন পাৰ কৰিছে কৃষক ৰাইজে ৷ ঔষধ প্ৰয়োগৰ পাছতো কোনো সুফল নোপোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰো গুৰুত্বহীনতাৰ ফলত এতিয়া একপ্ৰকাৰ অনিশ্চয়তাত ভুগিছে এইসকল লোক ৷

অচিন ৰোগত শুকাব ধৰিছে শ শ বিঘা ধাননি
অচিন ৰোগত শুকাব ধৰিছে শ শ বিঘা ধাননি

উপায়হীন কৃষকসকলে এতিয়া সোনকালে চৰকাৰক কিবা ব্যৱস্থা গ্ৰহন কৰি তেওঁলোকক এই সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে ৷ চিন্তিত কৃষকসকলৰ মন্তব্য - এই অচিন ৰোগে যদিহে অঞ্চলটোৰ সমগ্ৰ কৃষিভূমি নষ্ট কৰে তেন্তে চৰকাৰী সাহায্যৰ বাবে বাট চোৱাৰ বাদে এইসকল লোকৰ অন্য কোনো গত্যন্তৰ নাথাকিব ৷

লগতে পঢ়ক:জুৰীয়াত কাঠ ফলা মিলসহ বৃহৎ পৰিমাণৰ চেগুণ কাঠ জব্দ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.