ETV Bharat / state

বঙাইগাঁৱত গেছ এজেঞ্চিৰ কৰ্মচাৰীৰ দেহত ক’ৰণাৰ অৱস্থিতি - covid 19 update

বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শনিবাৰে ৪৬ জন লোকৰ কৰ’ণাৰ পৰীক্ষা কৰা হয় ৷ ইয়াৰে ভিতৰত এইচ পি গেছ এজেঞ্চিত কৰ্মৰত এজন যুৱকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷

hp-worker-found-covid-positive
বঙাইগাঁৱত গেছ এজেঞ্চীৰ কৰ্মচাৰীৰ দেহত ক’ৰণাৰ অৱস্থিতি
author img

By

Published : May 23, 2021, 10:35 PM IST

মাণিকপুৰ, 23 মে’ : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁৱতো অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ শেহতীয়াকৈ দেওবাৰে বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাৰ এইচ পি গেছ এজেঞ্চিত কৰ্মৰত এজন যুৱকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ কৰ্মচাৰীজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

কীৰ্তনপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শনিবাৰে ৪৬ জন লোকৰ কৰ’ণাৰ পৰীক্ষা কৰা হয় ৷ ইয়াৰে ভিতৰত এইচ পি গেছ এজেঞ্চিৰ কৰ্মচাৰীজনৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে ৷ ইয়াৰ পাছতে যুৱকজনক স্বাস্থ্য বিভাগে ক’ভিড চেন্টাৰলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি যুৱকজন কীৰ্তনপাৰাৰ গেছ এজেঞ্চিত কৰ্মৰত আছিল । যুৱকজনে কৰ্মৰত অৱস্থাত বৃহত্তৰ কীৰ্তনপাৰাৰ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল । যুৱকজনৰ দেহত ক’ভিড ১৯ৰ অৱস্থিতি ধৰা পৰাত এতিয়া শংকিত হৈছে অঞ্চলবাসী ।

লগতে পঢ়ক : চিকিৎসালয়ৰ সন্মুখতে অচেতন হৈ পৰি থাকিল এম্বুলেঞ্চকৰ্মী সহ কৰ’ণা ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.