দূৰ্গাপূজাৰ ইতিহাসঃ হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি ভাৰতত অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ । শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত ।
ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰত দুৰ্গা পূজা পালন কৰা হয় । ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা জাকজমকতাৰে পালন কৰা হয় ৷ লগতে 5 দিন বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয় । বাংলাদেশত বসবাস কৰা হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে ।
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা যায় আৰু পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় । শাৰদোৎসৱ, বিজয়া দশমী তথা দশেৰা হিচাপে জনাজাত হিন্দু সম্প্ৰদায়ৰ মাজত ৷
মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ ভাৰতভূমিত অক্ষয় অপাৰ । দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে । বর্তমান যুগত দুর্গাপূজা বংগদেশৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে । সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰােহেৰে অনুষ্ঠিত হৈ আহিছে ।
অসমীয়াৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস, উলহ-মালহ, অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফুর্ত আৰু জীৱন্ত প্রকাশ এই আটাইবোৰেই বংগৰ দুর্গাপূজাৰ সময়ছোৱাত দেখিবলৈ পোৱা যায় । জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয় ।
অন্তর্নিহিত অর্থঃ বছৰৰ যিকেইটা ঋতুৱে প্রাকৃতিক জগতক ৰং ৰূপহেৰে সজাই-পৰাই মনােৰম আৰু মােহনীয় কৰি তােলে, পৃথিৱীলৈ অপাৰ সৌন্দর্য কঢ়িয়াই আনি জীৱ জগত, জড় জগত সকলােতে আনন্দ, ৰঙৰ মেলা পাতি জগত জোনালী ময় কৰি তােলে, সেই শৰৎ আৰু বসন্ত ঋতুতেই দুর্গাপূজা অনুষ্ঠিত হয় । পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাদেৱীৰ গৰ্ভত দুর্গাদেৱীৰ জন্ম হয় ।
দেৱাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী । দুর্গাদেৱী ৰণচণ্ডী, কালী, কাপালী, নৃমুণ্ডমালিনী আদি বিভিন্ন নামেৰে অভিহিত । সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয় । মুনিৰ পৰামর্শ মতেই সুৰথৰজাই মধুময় বসন্তৰ পৰিৱেশত সর্বপ্রথম দুর্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লভি শত্রুক পৰাভূত কৰে আৰু হৃত ৰাজ্য উদ্ধাৰ কৰে ।
বসন্তকালত অনুষ্ঠিত হােৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামে অভিহিত হয় । কৃত্তিৱাসী ৰামায়ণৰ মতে ত্রেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শক্তি লাভৰ কাৰণে অকালতে শৰৎকালত দুর্গাদেৱীৰ পূজাৰ আয়ােজন কৰে । সেই সময়ৰ প্ৰচলিত বিধিৰ ব্যতিক্রম ঘটাই ৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনােৱাৰ বাবে ৰামচন্দ্ৰই অনুষ্ঠিত কৰা শাৰদীয় পূজাকে অকালবােধন বুলি কোৱা হয় ।
অৱশ্যে বাল্মীকি ৰামায়ণত ৰামচন্দ্রই পতা দুর্গাপূজাৰ কোনাে উল্লেখ নাই । তথাপি সেইদিন ধৰি বঙালীসকলে শাৰদীয় অনুষ্ঠানকেই দুর্গা আৰাধনাৰ অনুষ্ঠান হিচাপে পৰিগণিত কৰি আহিছে । বংগদেশত প্রায় চাৰে তিনিশ বছৰৰ আগতে তাৰেপুৰৰ ৰজা কংশ নাৰায়ণে সর্বপ্রথমে দুর্গাপূজা অনুষ্ঠিত কৰিছিল বুলি প্রবাদ আছে ।
পূজাৰ সময় আৰু বিধিঃ দুর্গাদেৱী দশভুজা । দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা । তেওঁৰ সােঁকাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাওঁ কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সর্বশুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক । একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত হৈ আছে ।
অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক । এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহ কৰি তােলে, জগতত দুর্যোগৰ সৃষ্টি কৰে । জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহ অস্ত্র লৈ দশােদিশৰ এই মহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মূল কৰি ঐশ্বর্য বিভূতি, শিক্ষা-দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব ।
এই পূজা আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কাৰ্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে । সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে । অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে ।
দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয় । নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয় । পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই, ডবা, কাঁহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি ।
হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰ দোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্য বিভূতি কামনা কৰে । মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয় । ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ কেইদিন সৌষ্ঠৱ বৃদ্ধি কৰে ।
বিজয়াদেৱী বিসর্জনৰ পাছত পুৰােহিতৰ দেহ-মন ক্লান্তিৰে ভৰি পৰে আৰু মন আচ্ছন্ন হৈ পৰে । ভক্তসকলৰ অন্তৰতাে, দেৱী-বিসর্জনৰ বিচ্ছেদে বিষাদৰ সৃষ্টি কৰে । বঙালীসকলে আত্মীয়-স্বজনৰ সৈতে হােলিংগন কৰি পৰস্পৰক শ্রদ্ধা, ভক্তি আৰু শুভেচ্ছা নিবেদন কৰে । এই অনুষ্ঠানটি বিজয়া নামে জনাজাত ।
জাতীয় উৎসৱ দুর্গাপূজা প্রকৃতপক্ষে এটি ধর্মীয় অনুষ্ঠান । কিন্তু বর্তমান সময়ত সকলাে শ্ৰেণীৰ হিন্দুৱেই সহযােগিতা কৰাৰ ফলত ই এক উদাৰ সামাজিক অনুষ্ঠানত পৰিণত হৈছে । মানুহৰ মিলনৰ মহা-মহােৎসৱে ইয়াৰ পৰিসৰ এনে ব্যাপক কৰি তুলিছে যে ইয়াক সমূহীয়া জাতীয় উৎসৱ হিচাপে গণ্য কৰিব পৰা যায় । অসমৰ বিভিন্ন ঠাইত উলহ-মালহেৰে দুর্গাপূজা অনুষ্ঠিত হয় ।
তাৎপর্যঃ দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছিদিন পূজা অনুষ্ঠিত নহয় । ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে । হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্রকন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থ দিনাই পুনৰ পতি-গৃহলৈ গমন কৰিছিল । সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয় ।
বঙালীসকলৰ পাৰিবাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য দেখিবলৈ পায় । বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে । সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈ পৰে ৷
পৌৰাণিক উপাখ্যান ব্ৰহ্মবৈৱৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ । দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় । কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই ৷ দেৱী ভাগৱত, পুৰাণ দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে । এই সময়খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে ।
এই তপস্যাত দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক । মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ । বৎস ! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা ।"
মূৰ্তিসমূহঃ দুৰ্গা‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক । অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয় - শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি । পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে ।
আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ । শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল –1) শৈলপুত্ৰী, 2) ব্ৰহ্মচাৰিণী, 3) চন্দ্ৰঘণ্টা, 4) কুষ্মাণ্ডা, 5) স্কন্দমাতা, 6) কাত্যায়নী, 7) কালৰাত্ৰি, 8) মহাগৌৰী, 9) সিদ্ধিদাত্ৰী ৷ মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত ।
পৰ্ব্বত ৰাজ হিমালয়ৰ ঔৰষত পুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম দিয়া হৈছিল । বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত । 9 গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা । ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল ।
তেতিয়া এওঁৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল । কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল । এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এক যজ্ঞৰ আয়োজন কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰণ নজনালে ।
পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে । পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাবহে পৰিপূৰ্ণ । নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল । তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে ।
যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে । তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল । ‘পাৰ্বতী’, ‘হৈমৱতী’ও তেখেতৰে নাম । উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল ।
‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল । ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত । নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয় । মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ । ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা ।
ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী । “বেদস্তত্ত্ব তপো ব্ৰহ্ম । ” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য । এখেতৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান । হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি কঠোৰ তপস্যা কৰিছিল ।
তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল । মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধসকলৰ অনন্ত ফলপ্ৰদ । ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায় । জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয় । দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয় ।
মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’ । নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয় । এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী । এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে । সেইকাৰণে তেখেতক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয় ।
এখেতৰ শৰীৰৰ বৰণ সূবৰ্ণৰ দৰে উজ্জ্বল । এখেত দশভুজা । এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত । এখেতৰ বাহন হ’ল সিংহ । যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা ! ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে ।
নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক । মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কূষ্মাণ্ডা । নিজৰ মৃদু–মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে । সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল ।
গতিকে কূষ্মাণ্ডাহে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি । কূষ্মাণ্ডাৰ আঠখন হাত থকা বাবে কূষ্মাণ্ডা অষ্টভুজা দেৱী নামেৰেও বিখ্যাত । এখেতৰ সাতোখন হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ আৰু গদা ।
লগতে পঢ়ক: Durga Puja in Kharupetiya: খাৰুপেটীয়াত চন্দ্ৰযান ৩ ৰ আৰ্হিত নিৰ্মাণ পূজা মণ্ডপ