বঙাইগাঁও, 14 জুন: ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱৰ অভয়াপুৰীতো চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । এই অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ।
বঙাইগাঁৱৰ অভয়াপুৰীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা । প্ৰণোদ্বীপ পাল নামৰ লোকজনৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান চলাই । আৰক্ষীৰ এই তালাচীত প্ৰায় ১০ কিলোগ্ৰামতকৈ অধিক গাঞ্জা উদ্ধাৰ হয় । ইয়াৰ উপৰিও গাঞ্জা ব্যৱসায়ী প্ৰণোদ্বীপ পালক আটক কৰে আৰক্ষীয়ে । গাঞ্জা ব্যৱসায়ী প্ৰণোদ্বীপ পাল অভয়াপুৰীৰ বাসন্তীপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত আছিল প্ৰণোদ্বীপ পাল নামৰ লোকজন ।