বঙাইগাঁও, ১৭ অক্টোবৰ: বঙাইগাওঁ জিলাৰ ২ নং পালেংবাৰী (বগুৰিগুৰী) শ্ৰীশ্ৰী সথেশ্বৰ ঠাকুৰ নামঘৰৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মাণকাৰ্যৰ সোমবাৰে শিলান্যাস কৰা হয় । শ্ৰীশ্ৰী সথেশ্বৰ ঠাকুৰ নামঘৰৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মাণকাৰ্যৰ সোমবাৰে শিলান্যাস কৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য় প্ৰনৱজ্যোতি বৰ্মনে । অসম চৰকাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন বাবে যি অনুদান আগবঢ়াইছে সেই পূঁজিৰ পৰা আৱন্টিত পোৱা পাঁচ লাখ টকাৰ অনুদানেৰে নামঘৰৰ পকী বেৰ নিৰ্মাণৰ কামৰ কৰা হ'ব বুলি কয় বৰ্মনে ।
এই শিলান্যাস কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ই এম গোলাপ পাঠকৰ উপৰি গাওঁখনৰ বিশিষ্ট ব্যক্তিসকল । মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে কয় যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ উন্নয়নমূলক কামকাজ একাংশ চকুচৰহা ব্যক্তিৰ সহ্য হোৱা নাই । সেইসকলে বিভিন্ন প্ৰকাৰে পৰিষদৰ আদৰ্শ,মান মৰ্যাদা লাঘব কৰাৰ অহৰহ চেষ্টা কৰি আছে বুলি মন্তব্য় কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে ।
লগতে পঢ়ক:Micro Finance Relief Scheme: কামৰূপ মহানগৰ জিলাৰ ৩২৮২ গৰাকীক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান
কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে কয়, "কিছুদিন পূৰ্বে সংবাদ মাধ্যমত দুৰ্নীতিৰ বাতৰি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিল তাৰ তীব্ৰ গৰিহনা জনাইছো । আমাৰ উন্নয়নৰ পূঁজিৰ কোনো ধৰণৰ দূৰ্নীতি হোৱা নাই আৰু ভবিষ্যতে যাতে নহয় তাৰ প্ৰতি আমি সদায় সচেতন থাকিম ।" তেওঁ পুনৰ কয় যে কোচ ৰাজবংশী ৰাইজৰ ত্যাগৰ বিনিময়ত আজি এই উন্নতিৰ জখলাৰে বগাই প্ৰাপ্য আদায় কৰিবলৈ সক্ষম হৈছে জনগোষ্ঠীটোৱে । এই প্ৰাপ্যৰ দ্বাৰাই কোচৰাজবংশী স্বায়ত্তপৰিষদৰ পূৰ্ণাংগ ৰূপ দিয়াই লক্ষ্য বুলি উল্লেখ কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে ।