ETV Bharat / state

বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ তাণ্ডৱ

author img

By

Published : Jul 16, 2019, 10:05 AM IST

ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈয়ে বুৰাই পেলাইছে অভয়াপুৰীৰ বহু অঞ্চল । বাঢ়নী পানীয়ে প্লাৱিত কৰিছে লতিবাৰী NRC কেন্দ্ৰ, বিদ্যালয় ।

বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ তাণ্ডৱ

অভয়াপুৰী,১৬জুলাই : ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে বানে । উজনিৰ পৰা নামনিলৈ বানে চলাইছে তাণ্ডৱ । অভয়াপুৰীতো বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ জলস্তৰ । ইয়াৰ ফলত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী পিৰাধৰা গাঁও পঞ্চায়ত জলমগ্ন হৈ পৰিছে । পঞ্চায়ত খনৰ অন্তৰ্গত পিৰাধৰা প্ৰথম, দ্বিতীয় খণ্ডকে ধৰি লতিবাৰী প্ৰথম,দ্বিতীয় খণ্ড,তৃতীয় খণ্ড, আমগুৰী , নিউ পিৰাধৰা,টাপাট্ৰাৰী ,বেহুলাপাৰা, পিকনাপাৰা আদি প্ৰায় ১০ খন গাঁও ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈয়ে পানীয়ে বুৰাই পেলাইছে ।

বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ তাণ্ডৱ

বাঢ়নী পানীয়ে অঞ্চলবাসীৰ ঘৰ বাৰী ,কৃষি-ভূমি প্লাৱিত কৰাৰ লগতে লতিবাৰী NRC কেন্দ্ৰ, বিদ্যালয় ,বাটপথ জলমগ্ন কৰি তুলিছে । বানাক্ৰান্ত অঞ্চলত বৰ্তমানলৈ কোনো জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ।

Intro:FloodBody:Slug- Flood
Date- 15.07.19

Anchor- অভয়াপুৰীত ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতি। নাই বান সাহাৰ্য, বাঢ়নিপানীত ডুবিল NRC কেন্দ্ৰ, বিদ্যালয় । নীৰৱ প্ৰশাসন।

Voice Over- বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ জলস্তৰ । ইয়াৰ ফলত বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী পিৰাধৰা গাও পঞ্চায়তত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে বাঢ়নী পানীয়ে। পঞ্চায়ত খনৰ অন্তৰ্গত পিৰাধৰা প্ৰথম, দ্বিতীয় খণ্ডকে ধৰি লতিবাৰী প্ৰথম,দ্বিতীয় খণ্ড,তৃতীয় খণ্ড, আমগুৰী , নিউ পিৰাধৰা,টাপাট্ৰাৰী ,বেহুলাপাৰা, পিকনাপাৰা আদি প্ৰায় ১০ খন গাওঁ ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈয়ে পানীয়ে বুৰাই পেলাইছে । বাঢ়নি পানীয়ে উক্ত গাওকেইখনৰ ঘৰ বাৰী ,কৃষি ভূমি প্লাৱিত কৰাৰ লগতে লতিবাৰী NRC কেন্দ্ৰ, বিদ্যালয় , বাটপথ জলমগ্ন হোৱা পৰিলক্ষিত হয়। বানাক্ৰান্ত অঞ্চলত এতিয়ালৈকে কোনো জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বানপীড়িতক কোনো ধৰণৰ সাহাৰ্য্য বিতৰন নকৰাত ক্ষুব্ধ হৈছে স্থানীয় লোক সকল। ইয়াৰ ওপৰিও গৰু, ছাগলীৰ খাদ্য অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত।

Regards
Indranil Das
News Contributor
ETV BHARAT
Abhayapuri SouthConclusion:Visual 3
Byte 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.