উত্তৰ অভয়াপুৰী, ১১ অক্টোবৰঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰাত নিশা ভয়ংকৰ অঘটন। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাউ দাউকৈ জ্বলি উঠিল এখন চলন্ত মালবাহী ট্ৰাক। RJ-02-GB-2890 নম্বৰৰ মালবাহী ট্ৰাকখন উত্তৰ প্ৰদেশৰ পৰা আলু কঢ়িয়াই গুৱাহাটীলৈ আহি থকাৰ অৱস্থাতে দহলাপাৰাত যান্ত্ৰিক বিজুতিৰ ফলতেই ট্ৰাকখনত জুই জ্বলি উঠে বুলি চালকজনে জানিবলৈ দিয়ে।
অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাতহে বাৰনখনৰ ভিতৰত আৱদ্ধ চালক আৰু হেন্দিমেন জন নিশ্বিত মৃত্যুৰ পৰা ৰক্ষা পৰে । ইপিনে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আনহাতে ঘটনাস্থলীত সৰভোগ থানাৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱা পৰিলক্ষিত হয় ।
লগতে পঢ়কঃ যুৱতীৰ ম’বাইল থপিয়াই চাদ্দাম সোমাল ৰঙাঘৰত