বঙাইগাঁও,25 এপ্ৰিল: বঙাইগাঁও চহৰৰ মাজমজিয়াত হোটেল নন্দিনী ৰেস্তোৰাঁত শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । নন্দিনী ৰেস্তোৰাঁৰ পাকঘৰৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।
পৰৱৰ্তী সময়ত ৰেস্তোৰাঁখনৰ বৈদ্যুতিক ওৱেৰিং, চিমনী আৰু বহুতো আচবাবত জুই লাগে । এই দুৰ্ঘটনাত কোনো বৃহৎ ক্ষয়-ক্ষতি হোৱা নাই যদিও সদৰ চহৰৰ মাজত সংঘটিত এই অগ্নিকাণ্ডত বঙাইগাঁৱবাসীৰ মাজত আতংকৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত দমকলৰ পানী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত হোটেলৰ কৰ্মচাৰীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।
লগতে পঢ়ক: বিলাসীপাৰা মহকুমাত জাৰি নতুন নীতি-নিৰ্দেশনা