বঙাইগাঁও, 21 মে’: উত্তৰ অভয়াপুৰী সমষ্টিৰ কীৰ্ত্তনপাৰাত এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম । গাঁৱে গাঁৱে চাইকেল মাৰি কাপোৰৰ ব্যৱসায়ত জড়িত হৈছে মহিলা গৰাকী । বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰা গাঁৱৰ এইৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কথা এতিয়া সৰ্বত্ৰে হৈছে চৰ্চিত। প্ৰভাতী আৰ্য্য নামৰ মহিলা গৰাকীয়ে ৰুগীয়া স্বামীক চিকিৎসাৰ লগতে ৫ জনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ বাবে ৰাতিপুৱাৰ পৰা চাইকেল মাৰি গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰে।
উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী লালন আৰ্য্য দীৰ্ঘদিন ধৰি পেৰালাইচিচত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে । স্বামীৰ চিকিৎসাৰ লগতে ৩ গৰাকী সন্তানক এমুঠি আহাৰ আৰু অন্ন বস্ত্ৰৰ বাবে মহিলাগৰাকীয়ে চলাইছে এই সংগ্ৰাম । আৰ্থিকভাৱে দুৰ্বল মহিলা গৰাকীয়ে দিনটো কাপোৰ বিক্ৰী কৰি পোৱা সামান্য ধনেৰে আবেলি ঘৰলৈ উভতাৰ সময়ত বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি আনি পৰিয়ালটোক কোনোমতে দি আহিছে পোহপাল । মহিলা গৰাকীৰ এই জীৱন সংগ্ৰামে এতিয়া সৰ্বত্ৰে লাভ কৰিছে চৰ্চা ।
লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰত উপস্থিত জেনেৰেল এম এম নাৰাভানে