বঙাইগাঁও,২১ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰৰ শিলঘাগৰীত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ডাঙাইগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত মুকলি সভা তথা কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হয়(Student felicitation ceremony in Bongaigaon) । উক্ত সভাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহ নাৱাজ হুছেইন, সম্পাদক হাছিফুল ইছলাম উপস্থিত থাকি ধৰ্মীয় গোড়ামী বাদ দি নিজৰ জাতিৰ জনগোষ্ঠীয় অস্তিত্ব ৰক্ষাৰ্থে একগোট হবলৈ আহ্বান কৰে ।
গৰিয়া মৰিয়া দেশী জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰা সাংসদ আব্দুল খালেকক উভতি ধৰি জনগোষ্ঠীয় নেতাজনে কয়- "আব্দুল খালেকে যেতিয়া চৰ-চাপৰিৰ মানুহৰ বাবে OBC বিচাৰে তেতিয়া আমি বিৰোধ নকৰো ৷ সেয়ে আমাৰ বিৰুদ্ধেও যাতে তেওঁ মাত নামাতে"(Shah Nawaz Hussain reacts to MP Abdul Khaleque remarks) । তাৰোপৰি একাংশই ছৈয়দ আব্দুল মালিকৰ দৰে ব্যক্তিক জেহাদী বুলি কোৱাত ক্ষোভিত হৈ পৰে নেতাগৰাকী ।
জনগোষ্ঠীয় নেতাজনে কয় যে আমি ধৰ্মৰ ভিত্তিত নহয় আমি জনগোষ্ঠীয় পৰিচয়ৰে চিনাকি হ'ব বিচাৰো । লগতে কয় যে চৰকাৰে তেওঁলোকক খিলঞ্জীয়া বুলি অভিহিত কৰে ঠিকে কিন্তু তাৰপিছতো সন্দেহজনক নাগৰিক সজায় । ইয়াতকৈ লজ্জাজনক কথা আৰু একো হ'ব নোৱাৰে বুলি চৰকাৰকো সমালোচনা কৰে নেতাগৰাকীয়ে ।
লগতে পঢ়ক: চিৰাঙৰ ভিচিডিচিত ব্যাপক দুৰ্নীতিৰ অভিযোগ