ETV Bharat / state

দুই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক

এটা ঘৰুৱা কন্দলে ল’লে চৰম পৰিণতি ৷ নিজ পত্নী আৰু দুই পুত্ৰই নিৰ্মমভাৱে দা আৰু ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মানৱ সমাজক লজ্জানত কৰা এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে চাপৰৰ হদ্দেমাৰা গাঁৱত ।

MURDER
দুই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক
author img

By

Published : Aug 13, 2021, 10:22 PM IST

পূৱ বিলাসীপাৰা, ১৩ আগষ্ট : কি হৈছে মানৱ সমাজত ৷ ইমান কিয় মানৱীয়তাৰস্খলন হৈছে ৷ কেতিয়াবা যদি চিকিৎসক প্ৰহাৰ, কেতিয়াবা আকৌ মহিলাক ধৰ্ষণ কৰি হত্যা কৰা ৷ তাৰোপৰি চোৰ-ডকাইত আদি হিংসাত্মক কাৰ্যই সম্প্ৰতি ৰাজ্যৰ সচেতন মহলক ভবাই তুলিছে ৷ এইবাৰ তেনে এক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাত ৷

স্বামী-স্ত্ৰী আৰু পুত্ৰ-পিতৃৰ সম্পৰ্কত লাগিছে কলংক ৷ এটা ঘৰুৱা কন্দলে ল’লে চৰম পৰিণতি ৷ নিজ পত্নী আৰু দুই পুত্ৰই নিৰ্মমভাৱে দা আৰু ৰডেৰে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মানৱ সমাজক লজ্জানত কৰা এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে চাপৰৰ হদ্দেমাৰা গাঁৱত ।

দুই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক

লগতে পঢ়ক : দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

ঘটনা অনুসৰি বৃহস্পতিবাৰ নিশা মতিবৰ ৰহমান আৰু পত্নীৰ মাজত হৈছিল কাজিয়া । সেই কাজিয়াই চৰম ৰূপ লয় । দুই পুত্ৰসহ পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিব বিচাৰে মতিবৰ ৰহমানে । তাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ দুই পুত্ৰসহ মাতৃয়ে স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ পুত্ৰই । জ্যেষ্ঠ পুত্ৰই উল্লেখ কৰা অনুসৰি ২০ হাজাৰ টকা চুৰি হোৱাক লৈ কাজিয়া হৈছিল পিতৃ-মাতৃৰ মাজত ।

তাৰ পাছতে পিতৃ মতিবৰ ৰহমান আৰু জ্যেষ্ঠ ভাতৃক গুৰুতৰভাৱে আহত কৰি পলায়ন কৰে কনিষ্ঠ পুত্ৰই । ইপিনে ঘটনাটো সংঘটিত হোৱা বুলি জানিব পাৰি স্থানীয় ৰাইজ উপস্থিত হৈ মতিবৰ ৰহমানক বঙাইগাঁৱৰ এখন চিকিৎসালয় লৈ যায় যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে মতিবৰ ৰহমানে ।

সম্প্ৰতি উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইপিনে জ্যেষ্ঠ পুত্ৰই চাপৰ আৰক্ষী থানাত ইতিমধ্যে এজাৰৰ দাখিল কৰিছে । ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

মানুহ যিমানেই শিক্ষা-দীক্ষাৰে দিক্ষিত হৈছে সিমানে মানুহৰ মানসিকতা বেয়াৰ ফালে ঢাল খাবলৈ ধৰিছে ৷ এটা সৰু কথাতে ইজনে সিজনৰ প্ৰতি লয় হিংসাত্মকভাব ৷ আজিৰ দিনত সহানুভূতি নামৰ শব্দটো যেন হেৰাই গৈছে মানুহৰ মগজুৰ পৰা ৷ কেৱল চৌদিশে হত্যা-হিংসা আদি অপৰাধজনিত ঘটনাই সংবাদ শিৰোনাম দখল কৰি থকা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 50 % লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.