ETV Bharat / state

দেওবাৰেও পৰীক্ষা অনুষ্ঠিত হ’ল বঙাইগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত

author img

By

Published : Jun 26, 2022, 10:50 PM IST

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি শিক্ষাগুৰুৰ থকা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিলে বঙাইগাঁৱৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ বানৰ কবলত পৰি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত বন্ধৰ দিনটোতো কৰ্তব্য সম্পাদন কৰি পৰীক্ষা অনুষ্ঠিত কৰা হ’ল বিদ্যালয়খনত (Examination in Bangaigaon school) ৷

Examination in Bangaigaon school
দেওবাৰেও কৰ্তব্য সম্পাদন কৰি পৰীক্ষা অনুষ্ঠিত কৰা হ’ল বঙাইগাঁৱৰ এখন বিদ্যালয়ত

মানিকপুৰ, 26 জুন: ৰাজ্যত শেহতীয়াকৈ তাণ্ডৱ সৃষ্টি কৰা বানৰ কবলত পৰে বহু বিদ্যালয়-মহাবিদ্যালয় ৷ ফলত বিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত কৰিবপৰা হোৱা নাছিল ৷ ইফালে বান পৰিস্থিতি কিছু পৰিমাণে শামকটাৰ পাছতে ঘোষণা কৰা হ’ল গৰম বন্ধ ৷ ইয়াৰ ফলত বহু বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাকী ৰৈ গ’ল (Flood in schools of Assam)৷

ৰাজ্যৰ শিক্ষা বিভাগে হঠাতে গৰম বন্ধৰ ঘোষণা কৰাৰ পৰিণতিত বন্ধৰ বাৰতো পৰীক্ষা অনুষ্ঠিত হ’ল বঙাইগাঁৱৰ এখন বিদ্যালয়ত ৷ বান পৰিস্থিতিৰ বাবে স্থগিত ৰাখিবলগীয়া হোৱা পৰীক্ষাসমূহ দেওবাৰেও অনুষ্ঠিত কৰি এক ইতিবাচক দৃষ্টান্ত দাঙি ধৰিলে বঙাইগাঁৱৰ বালাৰচৰ-গোলাপাৰা এম ই স্কুলৰ কৰ্তৃপক্ষই (Examination held on Sunday in Bangaigaon)৷

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বন্ধৰ দিনটোতো কৰ্তব্য সম্পাদন কৰিলে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে ৷ দেওবাৰে বিদ্যালয়খনত অনুষ্ঠিত হ’ল ষষ্ঠ, সপ্তম আৰু নৱম শ্ৰেণীৰ প্ৰথম গোট পৰীক্ষা । ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগত আলোচনামৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷

চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়ত বঙাইগাঁৱৰ বালাৰচৰ-গোলাপাৰা এম ই স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই পদক্ষেপৰ শলাগ লৈছে ভিন্নজনে ৷

লগতে পঢ়ক: পুনঃসংস্থাপন আৰু নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ ক্ষেত্ৰত হ'ব এছ অ' পি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.