ETV Bharat / state

সাংসদ আব্দুল খালেকৰ গৃহ ভূমিত গৰাখহনীয়াৰ সংহাৰী ৰূপ

author img

By

Published : Jun 4, 2021, 1:20 PM IST

বুধবাৰে আই আৰু মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে ৷ গৰা খহনীয়াৰ বাবে আতংকিত হৈ পৰিছে ঘোৰামাৰা ধলাগাছা, সন্তোষপুৰ বৰটাৰী গাঁৱৰ শ-শ পৰিয়াল ৷

erosion-at-mp-abdul-khaleque-home-village
সাংসদ আব্দুল খালেকৰ গৃহ ভূমিত গৰাখহনীয়াৰ সংহাৰী ৰূপ

বঙাইগাঁও,4 জুন: বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ অন্তৰ্গত তথা বৰপেটা লোকসভা সমষ্টি সাংসদ আব্দুল খালেকৰ গৃহ ভূমিত আই আৰু মানাহ নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ যাৰ বাবে সমাগত বাৰিষাক লৈ আতংকিত হৈ পৰিছে বৰটাৰী ধলাগাছা সন্তোষপুৰ আৰু ঘোৰামাৰা গাঁৱৰ শ-শ পৰিয়াল ৷ বছৰ বছৰ ধৰি গৰাখহনীয়াই গাঁও কেইখনত ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে যদিও গৰাখহনীয়াৰ জলন্ত সমস্যালৈ সাংসদ আব্দুল খালেকে কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ইয়াৰ মাজতে বুধবাৰে সন্ধিয়া গাঁও কেইখনৰ গৰাখহনীয়াৰ সবিশেষ পৰিদৰ্শন কৰে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে ৷ লগতে অঞ্চলটোৰ গৰাখহনীয়া সন্দৰ্ভত চৰকাৰক অৱগত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, আই আৰু মানাহ নদীৰ মিলন স্থল ঘোৰামাৰা অঞ্চলত বিগত কেইবাবছৰ ধৰি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে ৷ শ-শ বিঘা কৃষিভূমি ইতিমধ্যেই নদীত জাহ গৈছে লগতে নদীৰ বুকুত বিলীন হৈছে এখনৰ পিছত আনখন গাঁও ৷ বহু পৰিয়াল গৃহহাৰা হৈ ৰাস্তাৰ কাষত য'তে ততে অভাৱনীয় পৰিস্থিতিত জীৱন কটাব লগীয়া হৈছে ৷ কিন্তু ইয়াৰ পাছতো সাংসদ আব্দুল খালেকে গৰা খহনীয়া সন্দৰ্ভত গুৰুতিব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়কঃ মানাহৰ বুকুত বিলীন হোৱাৰ দিশে অভয়াপুৰীৰ গোলাপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.