ETV Bharat / state

উত্তৰ অভয়াপুৰীত মানাহ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ - স্থানীয় বিধায়ক আব্দুল হাই

বৰ্তমানেও অব্যাহত আছে সমষ্টিটোৰ জপেয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰৈচালাত মানাহ নদীৰ তীব্ৰ গৰাখহনীয়া ৷ জানিব পৰা মতে, বিগত 48 ঘন্টাত নদীৰ বুকুত বিলীন হৈছে প্ৰায় 25 টা পৰিয়ালৰ বাসগৃহ তথা ভেটি মাটি ৷

Erosion at Abhayapuri by Manas river
উত্তৰ অভয়াপুৰীত মানাহ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ
author img

By

Published : Sep 19, 2020, 11:38 AM IST

উত্তৰ অভয়াপুৰী, 19 ছেপ্টেম্বৰ: সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ গৰাখহনীয়াই ৷ বৰ্তমানেও অব্যাহত আছে সমষ্টিটোৰ জপেয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰৈচালাত মানাহ নদীৰ তীব্ৰ গৰাখহনীয়া ৷ জানিব পৰা মতে, বিগত 48 ঘন্টাত নদীৰ বুকুত বিলীন হৈছে প্ৰায় 25 টা পৰিয়ালৰ বাসগৃহকে ধৰি ভেটি মাটি ৷ উল্লেখ্য যে, গৰাখহনীয়াৰ বাবে শ শ বিঘা কৃষিভূমি নদীত জাহ যোৱাৰ পাছত বৰ্তমান গাঁওখনৰ মানচিত্ৰই সলনি হৈ গৈছে ৷

উত্তৰ অভয়াপুৰীত মানাহ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ

নদীখনৰ ভয়ংকৰ খহনীয়াই এনে ৰূপ ধাৰণ কৰিছে যে, অতিকে কম সময়তে গাঁওখনৰ অৱশিষ্ট অংশ খিনিও নদীৰ বুকুত জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে গাঁৱবাসীয়ে ৷ নৈ পৰীয়া ৰাইজে হাহাকাৰ পৰিবেশৰৰ মাজতে চৰম দুৰ্দশাৰ মাজেৰে দিন পাৰ কৰিছে যদিও এই ক্ষেত্ৰত স্থানীয় বিধায়ক আব্দুল হাইয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসনো কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ তুলিলে ৰাইজে ৷

Erosion at Abhayapuri by Manas river
উত্তৰ অভয়াপুৰীত মানাহ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ

লগতে পঢ়কঃ অৰুণাচলত ভূমিস্খলন: বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.