উত্তৰ অভয়াপুৰী, 1 নৱেম্বৰঃ বঙাইগাঁও উত্তৰ অভয়াপুৰীৰ মানিকপুৰত অঘটন। মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ ছোকমান আলী নামৰ এজন যুৱক শুকুৰবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় ৷ উল্লেখ্য যে ছোকমান আলী নামৰ যুৱকজনে নিজৰ ঘৰত বিদ্যুতৰ কাম কৰি থকাৰ সময়তে হঠাৎ তাঁৰত লাগি মূৰ্ছা যায়। ততাতৈয়াকৈ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ছোকমান আলীক মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।
অভয়াপুৰীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু - one dead due to electric shock in abhayapuri
উত্তৰ অভয়াপুৰীৰ মানিকপুৰত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। মৃত ব্যক্তিজন শালমাৰাৰ ছোকমান আলী।