ETV Bharat / state

চিৰাঙত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু - Electric shock one death

চিৰাঙত বিদ্যুৎস্পৃষ্ট হৈ আই টি আই ছাত্ৰৰ মৃত্যু । ছাত্ৰজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷

বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু
author img

By

Published : Sep 10, 2019, 11:03 AM IST

চিৰাঙ, 10 ছেপ্তেম্বৰঃ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অধীনৰ শিমলাগুৰী গাঁৱৰ ছাত্ৰ এজনে সোমবাৰে বৈদ্যুতিক পাংখা মেৰামতি কৰা অৱস্থাত মৃত্যু মুখত পৰে ৷ তথ্যনুসৰি, শিমলাগুৰী নিবাসী ৰেল বিভাগৰ কৰ্মচাৰী হৰেন্দ্ৰ চন্দ্ৰ বৰ্মণৰ একমাত্ৰ পুত্ৰ অভিজিত বৰ্মণে বিয়লি নিকটৱৰ্তী গাঁও নিলীবাৰীৰ শহুৰেকৰ ঘৰত চিলিং ফেন (পাংখা) মেৰামতি কৰি থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ অসুস্থ হৈ পৰে ৷ ঘটনাৰ পাছতে যুৱকজনক বঙাইগাঁৱৰ স্বাগত হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মৃত অভিজিত বৰ্মণ বঙাইগাঁও ঔদ্যোগীক প্ৰশিক্ষণ কেন্দ্ৰৰ ইলেট্ৰিকেল বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল ৷ মৃত্যুৰ সময়ত যুৱকজনে পিতৃ-মাতৃ, পত্নী ডেইজী বৰ্মণ আৰু ভনীয়েকক ইহ সংসাৰত এৰি থৈ যায় ৷

Intro:চিৰাঙত বিদ্যুত পৃষ্ঠ হৈ আই টি আইৰ ছাত্ৰৰ মৃত্যু। শোকৰ ছা ।

Body:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অধীনৰ শিমলাগুৰী গাঁৱৰ ছাত্ৰ এজন কালি বৈদ্যুতিক পাংখা মেৰামতি কৰা অৱস্থাত মৃত্যু মুখত পৰে ৷ জানিব পৰামতে, শিমলাগুৰী নিবাসী ৰেল বিভাগৰ কৰ্মচাৰী হৰেন্দ্ৰ চন্দ্ৰ বৰ্মণৰ একমাত্ৰ পুত্ৰ অভিজিত বৰ্মণে (২৫ বছৰ) কালি বিয়লি নিকটৱৰ্তী গাঁও নিলীবাৰীৰ শহুৰেকৰ ঘৰত চিলিং ফেন (পাংখা) মেৰামতি কৰি থকা সময়তে ২ঃ৩০ মান বজাত বিদ্যুৎ প্ৰৱাহিত হৈ অসুস্থ হয় ৷ ঘটনাৰ পাছতে যুৱক জনক বঙাইগাঁৱৰ স্বাগত হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ বঙাইগাঁও ঔদ্যোগীক প্ৰশিক্ষণ কেন্দ্ৰৰ ইলেট্ৰিকেল বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ অভিজিতে বিগত জুলাই মাহত বিবাহ পাশত আৱদ্ধ হৈছিল ৷

Conclusion:আজি মৰোণোত্তৰ পৰীক্ষাৰ পাছত যুৱকজনৰ মৃতদ্হ শিমলাগুৰীৰ নিজ বাসভৱনত নিয়াৰ পাছত পৰিয়াল, আত্মীয় স্বজন, বন্ধু-বান্ধৱ আৰু গাঁওবাসীয়ে অন্তিম বিদায় দিয়াৰ পাছত নিউ বঙাইগাঁও ৰাজহুৱা শ্মশানত শেষ কৃত সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত ছাত্ৰ যুৱক জনে পিতৃ-মাতৃ, পত্নী ডেইজী বৰ্মণ, ভনী আৰু জোঁৱাইক ইহ সংসাৰত এৰি যায় ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.