ETV Bharat / state

বঙাইগাঁৱৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট - নিৰ্বাচন

election conflict at bongaigaon
বঙাইগাঁৱৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট
author img

By

Published : Apr 6, 2021, 12:06 PM IST

Updated : Apr 6, 2021, 1:37 PM IST

11:57 April 06

দুঘন্টাৰ বাবে বন্ধ হৈ পৰে ভোটদান প্ৰক্ৰিয়া

বঙাইগাঁৱৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট

বঙাইগাঁও, 6 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই 32 নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 619 নং পশ্চিম ভাদ্ৰাগাঁও এল পি স্কুলৰ  91 নং ভোটকেন্দ্ৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ নিৰাপত্তাৰক্ষী আৰু ভোটাৰসকলৰ মাজত পৰিলক্ষিত হয় প্ৰচণ্ড মাৰপিট ৷

নিৰাপত্তা বাহিনীৰ লোকে ভোটাৰসকলক লাঠিৰে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তেজনাৰ ৷ লগে লগে বন্ধ হৈ পৰে ভোটকেন্দ্ৰটোৰ ভোটদান প্ৰক্ৰিয়া ৷ প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, ভোটকেন্দ্ৰটোত নিয়োজিত চিআৰপিএফ জোৱানে বিনা কাৰণত সাধাৰণ ভোটাৰক প্ৰহাৰ কৰে ৷ যাৰ ফলস্বৰূপে সৃষ্টি হয় এই উত্তেজনাৰ ৷

নিৰাপত্তা বাহিনীৰ লাঠিৰ প্ৰহাৰত কেইবাগৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বঙাইগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুঘণ্টা বন্ধ হৈ থকা ভোটকেন্দ্ৰটোত পুনৰ ভোটদান আৰম্ভ হয় ৷ ইফালে, কোনো ভোটাৰক প্ৰহাৰ নকৰাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক : নিজৰ বিজয়ক লৈ নিশ্চিত ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী

Last Updated : Apr 6, 2021, 1:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.