মানিকপুৰ, 26 ছেপ্তেম্বৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী ৷ যোৱাটো বৰ্ষত মহামাৰী কাল কৰ'ণাই দেশত কাল ৰূপ ধাৰণ কৰাত অতি অনুষ্টুপীয়াকৈহে আয়োজন কৰা হৈছিল দুৰ্গা পূজা ৷ কেৱল দুৰ্গা পূজাই নহয় বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ পূজা-পাতল, সকলো জনগোষ্ঠীৰ ধৰ্মীয় উপাসনা বন্ধ ৰাখিব লগাত পৰিছিল দেশবাসী ৷ কিন্তু এইবাৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাত দেশ তথা ৰাজ্যত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷
শেহতীয়াকৈ ৰাজ্য চৰকাৰেও বিশেষ নীতি নিয়মৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ যাৰ বাবে অধিক উৎসাহিত হৈ পৰিছে ৰাজ্যৰ মৃৎ শিল্পী সকল ৷ দুগুণ উৎসাহেৰে প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৰাজ্যৰ মৃৎ শিল্পী সকলে ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ মানিকপুৰৰ পাতিলাদহাত মৃৎ শিল্পী সকলে প্ৰস্তুত কৰি উলিয়াইছে প্ৰতিমা ৷ দিন ৰাতি একাকাৰ কৰি কামত লাগিছে এই শিল্পী সকল ৷
উল্লেখ্য যে, বিগত বছৰত হোৱা লোকচানৰ পিছত এইবাৰ কিছু আশাৰ ৰেঙনি দেখা পাইছে শিল্পী সকলে ৷ সুকলমে যাতে এইবাৰৰ দুৰ্গা পূজা ভাগ অনুষ্ঠিত হৈ যায় তাৰেই কামনা কৰিছে ৰাজ্যৰ মৃৎ শিল্পী সকলে ৷
লগতে পঢ়কঃ অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে : পীযুষ হাজৰিকা