ETV Bharat / state

অভয়াপুৰীত জব্দ নিচাজাতীয় টেবলেট - Assam Police

বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি অভয়াপুৰীৰ নয়া গাঁৱত যোগীঘোপা আৰক্ষীয়ে আটক কৰে অমৃত পাল নামৰ এজন লোকক । অমৃত পাল নামৰ লোকজন অভয়াপুৰীৰ পাল ড্ৰাগছ ডিষ্ট্ৰিবিউট (DRUGS distribute)ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে ।

drugs-tablet-sezid-in-abhayapuri
এইবাৰ নিচাজাতীয় টেবলেট জব্দ অভয়াপুৰীত
author img

By

Published : Jul 1, 2021, 5:58 PM IST

অভয়াপুৰী, 1 জুলাই : ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (ASSAM POLICE)ৰ অভিযান ৷ শেহতীয়াভাৱে চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰা দেখা গৈছে জিলা আৰক্ষী তথা প্ৰশাসনক ৷ আন আন জিলাসমূহৰ দৰে অভয়াপুৰীতো তীব্ৰতৰ হৈ পৰিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি অভয়াপুৰীৰ নয়া গাঁৱত যোগীঘোপা আৰক্ষীয়ে আটক কৰে অমৃত পাল নামৰ এজন লোকক । অমৃত পাল নামৰ লোকজন অভয়াপুৰীৰ পাল ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ(DRUGS distribute)ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে । সমগ্ৰ ৰাজ্যজুৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান ৷ দীৰ্ঘদিনৰ পৰা ৰাজ্যত নিচাজাতীয় টেবলেটৰ ব্যৱসায়ে যুৱ প্ৰজন্মক প্ৰভাৱিত কৰি অহাৰ সময়ত এতিয়া দৈনিক ৰঙাঘৰৰ আলহী হৈছে বহু ড্ৰাগছ ব্যৱসায়ী ।

অভয়াপুৰীত জব্দ নিচাজাতীয় টেবলেট

যোগীঘোপা আৰক্ষীয়ে AS-19H-2685 নম্বৰৰ এখন গ্লেমাৰ বাইকৰ সৈতে অমৃত পাল নামৰ এজন লোকৰ পৰা বুধবাৰে নিশা 1008 টা SPANO CROXYWON PLUS নামৰ নিচাজাতীয় টেবলেট আৰু 8,070 টকাৰ এটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ।

অমৃত পাল নামৰ লোকজন অভয়াপুৰীৰ পাল ড্ৰাগছ ডিষ্ট্ৰিবিউট (DRUGS distribute) ৰ মালিক বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰাত আৰক্ষীয়ে অভয়াপুৰীৰ পাল ড্ৰাগছ ডিষ্ট্ৰিবিউটত তালাচী চলাই 6,192 টা নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ইতিমধ্যে অমৃত পালক আটক কৰিছে । বহুদিনৰ পৰাই এনেধৰণৰ নিচাজাতীয় টেবলেট সৰবৰাহ কৰা কাৰ্যত জড়িত আছিল অমৃত পাল ৷

সান্ধ্য আইন আৰু আংশিক লক ডাউনৰ মাজতে একাংশ দুষ্টচক্ৰই চলাই গৈছে দেশী-বিদেশী সুৰাৰ লগতে অবৈধ সামগ্ৰীৰ বেহা । অপৰাধীৰ সমান্তৰালভাৱে অসম আৰক্ষী (Assam Police)য়ে চলাই গৈছে তীব্ৰতৰ অভিযান ৷ ইফালে আৰক্ষী অধীক্ষকসকলৰ নেতৃত্বত চলা অভিযানত বিভিন্ন জিলাৰ পৰা কোটি-কোটি টকাৰ ড্ৰাগছ (Drugs)জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইজন ড্ৰাগছ (Drugs) মাফিয়া ৷

লগতে পঢ়ক: ভাইৰেল হৈছে দৰং জিলাৰ পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.